• Home
  • »
  • News
  • »
  • assam
  • »
  • লখিমপুৰ অসামৰিক চিকিত্‍সালয়ত কোৰোণা আতংক, চিকিত্‍সালয়খনৰ প্ৰশাসকৰ দেহত কোৰোণাৰ অৱস্থিতি

লখিমপুৰ অসামৰিক চিকিত্‍সালয়ত কোৰোণা আতংক, চিকিত্‍সালয়খনৰ প্ৰশাসকৰ দেহত কোৰোণাৰ অৱস্থিতি

প্ৰশাসক সৌৰভ শইকিয়া আক্ৰান্ত হৈছে কোৰোণাত।

প্ৰশাসক সৌৰভ শইকিয়া আক্ৰান্ত হৈছে কোৰোণাত।

প্ৰশাসক সৌৰভ শইকিয়া আক্ৰান্ত হৈছে কোৰোণাত।

  • Share this:
লখিমপুৰৰ চাবতিস্থিত অসামৰিক চিকিৎসালয়ত কোৰোণাৰ আতংক। চিকিৎসালয়খনৰ প্ৰশাসকৰ দেহত ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি। প্ৰশাসক সৌৰভ শইকিয়া আক্ৰান্ত হৈছে কোৰোণাত। ইফালে সৌৰভ শইকীয়াৰ সংস্পৰ্শলৈ আহিছিল চিকিত্‍সালয়খনৰ বহু কেইগৰাকী চিকিত্‍সক তথা স্বাস্থ্যকৰ্মী।

ইতিমধ্যে লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক ভৱন ছীল কৰিছে জিলা প্ৰশাসনে। লগতে প্ৰায় ৮ জন চিকিৎসক, চিকিৎসা কৰ্মীক কৰা হৈছে কোৱাৰেণ্টাইন। কেৱল সেয়াই নহয়, লখিমপুৰ উপায়ুক্ত কাৰ্যালয়তো কৰণাক লৈ হুৱা দোৱা। গোগামুখৰ এজন কোৰোণাত আক্ৰান্ত ব্যৱসায়ী বৃহস্পতিবাৰে উপস্থিত হৈছিল উপায়ুক্ত কাৰ্যালয়ত। গোগামুখৰ ব্যক্তিজনৰ দেহত কৰণা পজিটিভৰ বাতৰি পোৱাৰ পিছতে শংকিত হৈ পৰিছে উপায়ুক্ত কাৰ্যালয়ৰ সকলো কৰ্মচাৰী।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি