உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Viral Video: বিৰল প্ৰাকৃতিক দৃশ্য বৰপেটাৰ চেঙাত, বতৰ বিজ্ঞান বিভাগে টৰ্নেডোক লৈ কি ক'লে

    Viral Video: বিৰল প্ৰাকৃতিক দৃশ্য বৰপেটাৰ চেঙাত, বতৰ বিজ্ঞান বিভাগে টৰ্নেডোক লৈ কি ক'লে

    বৰপেটাত দেখা টৰ্নেডো এখন নদীৰ পাৰৰ পৰা আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হৈছে।

    বৰপেটাত দেখা টৰ্নেডো এখন নদীৰ পাৰৰ পৰা আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হৈছে।

    বৰপেটাত দেখা টৰ্নেডো এখন নদীৰ পাৰৰ পৰা আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হৈছে।

    • Share this:
    বৰপেটাৰ চেঙাত আজি দেখা গ'ল ৰাজ্যখনৰ বাবে বিৰল প্ৰাকৃতিক দৃশ্য। সচৰাচৰ দেখিবলৈ নোপোৱা এই দৃশ্য দেখি বহুতে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে সন্ত্ৰস্ত হয়। শনিবাৰে বৰপেটা জিলাত দেখিবলৈ পোৱা এই প্ৰাকৃতিক পৰিঘটনাক অৱশ্যে ঘূৰ্ণি বতাহ আখ্যা দিয়া হোৱা নাই, বৰঞ্চ ইয়াক কম তীব্ৰতাৰ টৰ্নেডো বুলি কোৱা হৈছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞান বিভাগৰ উপ-সঞ্চালক প্ৰধান সঞ্জয় অ'নীল শ্ব'ৱে কয়, "শনিবাৰে অসমৰ বৰপেটাৰ চেঙাত (Barpeta) এটা কম তীব্ৰতাৰ টৰ্নেডো দেখা গৈছিল, কিন্তু ই ঘূৰ্ণি বতাহ নহয়।"

    তেওঁ এই টৰ্নেডোৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে টৰ্নেডো (Tornado) হৈছে বতাহৰ এক হিংস্ৰ ঘূৰ্ণনশীল স্তম্ভ, যি ওপৰৰ পৰা মাটিলৈ বিস্তৃত আৰু ইয়াৰ সংস্পৰ্শত অহা যিকোনো বস্তু ধ্বংস হ'বলৈ বাধ্য। ঘৰ বা গছ-গছনি নিমিষতে ধ্বংস কৰিব পাৰে। অৱশ্যে বৰপেটাত পৰিলক্ষিত হোৱা এই টৰ্নেডো কম শক্তিশালী আছিল বাবে বিশেষ ক্ষতি হোৱা নাছিল।





    বৰপেটাত দেখা টৰ্নেডো এখন নদীৰ পাৰৰ পৰা আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে, অহা পাঁচ দিনত উত্তৰ-পূব ভাৰতত বজ্ৰপাত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূবৰ সকলো ৰাজ্যতে এপ্ৰিলৰ আৰম্ভণিৰ পৰা নিৰন্তৰ প্ৰাক-মৌচুমী বৰষুণ হৈ আহিছে। বতৰৰ পূৰ্বানুমান অনুসৰি, অহা পাঁচ দিনত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পাতলৰ পৰা মধ্যমীয়া তীব্ৰতাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
    Published by:Gautam Barman
    First published: