• Home
  • »
  • News
  • »
  • assam
  • »
  • Horoscope Today: ৫ আগষ্টৰ ৰাশিফল, চাওক কেনে যাব আজি আপোনাৰ দিনটো

Horoscope Today: ৫ আগষ্টৰ ৰাশিফল, চাওক কেনে যাব আজি আপোনাৰ দিনটো

দিনৰ আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ দিনটোৰ ৰাশিফল।

দিনৰ আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ দিনটোৰ ৰাশিফল।

দিনৰ আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ দিনটোৰ ৰাশিফল।

  • Share this:


মেষ : আজি আপুনি অপ্ৰত্যাশিত সূত্ৰৰ পৰা সহযোগিতা পাব। বহুদিন ধৰি আপুনি আৰু সংগীয়ে একেলগে সময় কটোৱাৰ সুযোগ পোৱা নাই, আজি একেলগে সময় কটোৱাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত সুন্দৰ সুযোগ পাব।

বৃষ :  সম্পৰ্কৰ সমস্যা দূৰ কৰাৰ বাবে আজি ভাল দিন। আজি কৰ্মক্ষেত্ৰত সুন্দৰ কামৰ অফাৰ পাব পাৰে। অপ্ৰত্যাশিত কোনো ঘটনাৰ সুযোগ পাব পাৰে।

মিথুন : আজি বহুদিন পিছত আপুনি মানসিকভাৱে শান্তি অনুভৱ কৰিব। আজি ব্যস্ততাৰ মাজতো শাৰীৰিক অনুশীলন কৰিবলৈ নাপাহৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ মূল্য পাব পাৰে।

কৰ্কট : আজি দুৰ্ঘটনা বা কোনো বিপদৰ পৰা সাৱধান হওক। আপোনাৰ পছন্দৰ মানুহে আপোনাৰ আশে–পাশে থাকিলেও উপস্থিত হ’ব নোৱাৰিব। আপোনাৰ সহকৰ্মীৰ ঈৰ্ষাৰ কাৰণে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে।

সিংহ : আজি আপোনাৰ বাবে অপ্ৰত্যাশিত কিছু মুহূৰ্ত আহি আছে। কৰ্মক্ষেত্ৰত অত্যধিক চাপৰ বাবে আপুনি নানাভাৱে মানসিক চাপ অনুভৱ কৰিব।

কন্যা :  আজি নিজৰ বাবে অলপ সময় ৰাখক আরু জনাৰ চেষ্টা কৰক আপুনি আচলতে নিজে কি বিচাৰিছে। আপুনি যথেষ্ট উচ্চাকাংক্ষী, সেয়ে আপোনাৰ গোপন অভিলাষ কাৰো আগত নোকোৱাই ভাল।

তুলা : আপুনি নিজৰ ওপৰত যথেষ্ট আত্মবিশ্বাসী, কিন্তু মনত ৰাখিব অত্যধিক আত্মবিশ্বাসো ভাল নহয়। আজি সংগীৰ পৰা আপুনি ভাল কিছুমান কথা আশা কৰিব পাৰে। আজি কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ আশা পূৰণ হ’ব পাৰে।

বৃশ্চিক : মনত ৰাখিব যে সম্পৰ্কত আচলতে আমাৰ মনৰ কথাই আছল। আপুনি নিজেই আপোনাৰ শ্ৰেষ্ঠ সমালোচক, সেয়ে প্ৰত্যেকটো মুহূৰ্তক ভালদৰে বিচাৰ–বিবেচনা কৰি কাম কৰক।

ধনু : আজি কিছু অপ্ৰত্যাশিত কাম আহিব পৰিব। আপুনি সম্পৰ্কৰ পৰা কি বিচাৰে সেয়া বুজিবলৈ সক্ষম হ’ব। আপোনাৰ অত্যধিক আবেগিক ব্যৱহাৰে আপোনাৰ কামত প্ৰভাৱিত কৰিব পাৰে।

মকৰ : আজিৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় দেখুওৱাৰ দিন। আজি সংহীৰ পৰা বহু মৰম পাব। অৱশ্যে কিছু আর্থিক সমস্যা হ’ব পাৰে।

কুম্ভ : আজি আপোনাৰ শক্তি তুংগত থাকিব। আজিৰ দিনটো উত্তেজনাৰে ভৰপূৰ। কৰ্মক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিব।

মীন : মনত ৰাখিব আজিৰ দিনটোৰ থিম হ’ল বন্ধুত্ব। আজি লগতে মানসিক চাপো থাকিব। সম্পৰ্কৰ ক্ষেত্ৰত আপুনি কিছু আগ্ৰাসী মনোভাৱ দেখুৱাব।

Published by:Sanjay Kumar Das
First published: