• Home
  • »
  • News
  • »
  • assam
  • »
  • Horoscope Today : ২১ নৱেম্বৰৰ ৰাশিফল, আপোনাৰ আজিৰ দিনটো কেনে যাব? দিনটো আৰম্ভ কৰাৰ পূৰ্বে চাওক আপোনাৰ ভাগ্যফল

Horoscope Today : ২১ নৱেম্বৰৰ ৰাশিফল, আপোনাৰ আজিৰ দিনটো কেনে যাব? দিনটো আৰম্ভ কৰাৰ পূৰ্বে চাওক আপোনাৰ ভাগ্যফল

কোন ৰাশিৰ জাতক–জাতিকাৰ কি আছে আজিৰ ভাগ্যফল

কোন ৰাশিৰ জাতক–জাতিকাৰ কি আছে আজিৰ ভাগ্যফল

কোন ৰাশিৰ জাতক–জাতিকাৰ কি আছে আজিৰ ভাগ্যফল

  • Share this:
মেষ : কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যই জীৱনত দীৰ্ঘম্যাদী প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। গঠনমূলক সমালোচনা গ্ৰহণ কৰিব লাগিব।

বৃষ : উদৰ সংক্ৰান্ত কোনো ৰোগে দেখা দিব পাৰে। ব্যক্তিগত সম্পৰ্ক এক জটিল সন্ধিক্ষণত আছে। নতুন কিবা এটা আৰম্ভ কৰাৰ সময়।

মিথুন : সিদ্ধান্ত লোৱা কঠিন বুলি ধাৰণা হ’ব পাৰে। আবেগ সংযত ৰাখিব লাগিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত স্থগিত ৰখাই ভাল।

কৰ্কট : দৃঢ় আৰু সিদ্ধান্তমূলক পদক্ষেপ লোৱা সম্ভৱ হ’ব। পুৰণি কোনো ঋণ বা দায়বদ্ধতাৰ পৰা মুক্তি পাব পাৰে।

সিংহ : নতুন বন্ধুত্ব গঢ়ি উঠিব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। ভৱিষ্যৎ পৰিকল্পনা কৰাৰ আদৰ্শ সময়। খৰচ কমাব লাগিব।

কন্যা : সুখৰ সময় আহিছে। মানসিক প্ৰশান্তি বৰ্তি থাকিব। প্ৰেমৰ ক্ষেত্ৰত লাহে লাহে আগুৱাব লাগিব। বন্ধুবৰ্গৰ সহায় ল’ব পাৰে।

তুলা : যিকোনো সামান্য কামতো নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব। সুখবৰ পোৱা যাব পাৰে। নিজৰ প্ৰচেষ্টাৰ ফল পোৱা যাব।

বৃশ্চিক : পৰিৱেশ বা পৰিস্থিতি হয়তো কিছুদিন ধৰি কষ্ট দিছে। ঘনিষ্ঠ কোনো বন্ধুৰ ওচৰত মনৰ কথা ক’ব পাৰে।

ধনু : প্ৰকৃত বন্ধু চিনি পোৱা সম্ভৱ হ’ব। কামৰ ক্ষেত্ৰতো দীৰ্ঘম্যাদী লাভৰ দিশটো স্পষ্ট হ’ব পাৰে।

মকৰ : পৰিয়ালেই হ’ল সফলতাৰ সোপান। কঠিন পৰিস্থিতিতো মুখৰ হাঁহি আৰু ইতিবাচক দৃষ্টিভংগীয়ে আগুৱাই যোৱাত সহায় কৰিব।

কুম্ভ : সফলতাৰ বাসনা জাগিব পাৰে। যিসকলে দীৰ্ঘদিন ধৰি যত্ন বা মনোযোগ বিচাৰিছে তেওঁলোকক উপেক্ষা কৰা উচিত নহয়।

মীন : বিগত কিছুদিনৰ অন্ধকাৰ আঁতৰি আশাৰ পোহৰ দেখা যাব। নিজৰ লক্ষ্যত অটল থাকিব লাগিব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি