মেষ : নিজৰ মেজাজ সংযত ৰাখিব লাগিব। নিজৰ আয়ত্তৰ বাহিৰলৈ গৈ কাম কৰিলে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। সংগীৰ সৈতে মুকলিকৈ মিলিব পাৰিব।
বৃষ : যিকোনো সুযোগৰ সদ্ব্যৱহাৰ কৰিব লাগিব। স্বাস্থ্য ৰক্ষাৰ বাবে নিয়মিত ব্যায়াম কৰা প্ৰয়োজন। সম্পৰ্কৰ ক্ষেত্ৰত জেদভাৱ এৰিব লাগিব।
মিথুন : একঘেয়ামী জীৱনৰ পৰা ওলাই অহা প্ৰয়োজন। শৰীৰচৰ্চা কৰিব পাৰে। বিনোদনমূলক কোনো কামত যোগ দিব পাৰে। কৰ্মক্ষেত্ৰত স্বীকৃতি পাব।
কৰ্কট : জীৱন সম্পৰ্কে ইতিবাচক দৃষ্টিভংগী ধৰি ৰাখিব লাগিব। খ্যাতি আৰু প্ৰেৰণা পোৱা যাব। সুবক্তা হিচাপে পৰিচিতি লাভ কৰিব।
সিংহ : পেছাগত কাৰণত সৰুসুৰা ভ্ৰমণ কৰিব লাগিব পাৰে। ফলাফল অনুকূল থাকিব। নিজৰ উদাৰতাৰ বাবে বিশেষ পৰিচিতি পোৱা যাব পাৰে।
কন্যা : কিছু একান্ত সময় কটোৱা দৰকাৰ। জীৱনৰ লক্ষ্য আৰু সেই উদ্দেশ্যে কৰা কামবোৰ পুনৰমূল্যায়ন প্ৰয়োজন।
তুলা : কোনোৱে সাহায্য বিচাৰি আহিব পাৰে। প্ৰিয়জনৰ সৈতে ওচৰ কোনো ভ্ৰমণৰ সম্ভাৱনা আছে। নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব।
বৃশ্চিক : নিজৰ দৃঢ় সংকল্প আৰু আত্মবিশ্বাস বজাই ৰাখিব লাগিব। আনৰ কথাত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই।
ধনু : ভাগ্য সুপ্ৰসন্ন থাকিব। নিজৰ সমস্যা সমাধানৰ আশ্চৰ্য ক্ষমতাত নিজেই অবাক হোৱাৰ সময়।
মকৰ : অপ্ৰত্যাশিত কোনো বাধাৰ সৃষ্টি হ’ব পাৰে। সৃজনশীলতা বা উৎপাদনশীলতা ব্যাহত হ’ব পাৰে। মেজাজ হেৰুৱালে নহ’ব।
কুম্ভ : সকলো সময়ত প্ৰতিষ্ঠানবিৰোধী মনোভাৱ পোষণ কৰা ঠিক নহয়, অনেক সময়ত সোঁতত উটি যাব পাৰে। জীৱনৰ অভিজ্ঞতাই আৰু বহু কথা শিকাব।
মীন : অৰ্থ আৰু কৰ্মজীৱনত ডাঙৰ অগ্ৰগতি আহিব। কিন্তু বস্তুগত লাভৰ বাবে পৰিয়ালক উপেক্ষা কৰাটো ঠিকন হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|