মেষ : কোনো গুৰুত্বপূৰ্ণ কামলৈ যোৱাৰ সময়ত বিকল্প পৰিবহণৰ ভাৱনা মূৰত ৰাখিব লাগিব। ভিতৰত উত্তেজনা থাকিলেও বাহিৰত সেয়া প্ৰকাশ নকৰাই ভাল।
বৃষ : প্ৰবীণ কোনো মানুহৰ সান্নিধ্যত চিন্তাৰ পৰিধি বিস্তৃত হ’ব পাৰে। ধৈৰ্য ৰাখিব লাগিব। স্বাস্থ্যৰ যতন লোৱা প্ৰয়োজন। বিশ্ৰামৰো প্ৰয়োজন আপোনাক।
মিথুন : নতুন কিবা আরম্ভ কৰাৰ বাবে ভাল সময়। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন সম্ভৱ। কোনো ৰিস্ক ল’লেও সেয়া লাভজনক হ’ব পাৰে।
কৰ্কট : কিছু সামাজিক, অৰ্থনৈতিক আৰু ব্যক্তিগত বাধ্যবাধকতা থাকিব পাৰে, সেয়া পূৰণৰ বাবে প্ৰস্তুত থাকিব লাগিব। বহু মানুহক সহায় কৰা সম্ভৱ হ’ব।
সিংহ : অতীতৰ কোনো বিষয় যিয়ে ক্ৰমাগত এৰাই চলা হৈছে তাৰ মুখামুখি হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। তাৰ মোকাবিলা কৰিব লাগিব।
কন্যা : সৰুসুৰা বিষয়ক লৈ আচ্ছন্ন হৈ পৰিলে ঘৰত বা কৰ্মস্থলীত শান্তি বিঘ্নিত হ’ব পাৰে। কামৰ লক্ষ্য স্থিৰ হ’ব লাগিব।
তুলা : কোনো সমস্যাৰ মোকাবিলা কৰিব পাৰিব হাঁহিমুখে।ষ আনকি কোনো বিবাদত মধ্যস্থতাও কৰিব পাৰিব।
বৃশ্চিক : আনক বুজি কাম কৰা সম্ভৱ হ’ব। বিগত কিছু দিনৰ পৰা চলি থকা বাধা আঁতৰিব ক্ৰমশঃ।
ধনু : কোনো অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে। কঠিন সিদ্ধান্ত ল’বলগা হ’ব পাৰে। শেষ পৰ্যন্ত ইতিবাচক প্ৰভাৱ পৰিব জীৱনত।
মকৰ : সুস্বাস্থ্য বৰ্তি থাকিলেও পৰিৱৰ্তনশীল পৰিৱেশ সম্পৰ্কে সচেতন হোৱা প্ৰয়োজন। একচেতিয়া মনোভাৱে ক্ষতি কৰিব পাৰে।
কুম্ভ : সু–সংবাদ পাব পাৰে। ৰৈ থকা টকা ঘূৰি আহিব। ব্যক্তিগত সম্পৰ্কক পৰৱৰ্তী স্তৰলৈ লৈ যোৱাৰ সময়।
মীন : যিকোনো কামেই সফল হ’ব। নিজৰ স্পষ্টবাদিতা, বিনয় প্ৰভৃতিৰ বাবে জনপ্ৰিয়তা বাঢ়িব। কিন্তু অহংকাৰ আৰু প্ৰতাৰণাৰ পৰা সতৰ্ক থাকিব লাগিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|