• Home
  • »
  • News
  • »
  • assam
  • »
  • Horoscope Today: ১৬ আগষ্টৰ ৰাশিফল, এই ৰাশিৰ বাবে আজি প্ৰেমত পৰীক্ষাৰ দিন, কোন ৰাশিৰ লোকৰ বাবে আছে ভাল খবৰ!

Horoscope Today: ১৬ আগষ্টৰ ৰাশিফল, এই ৰাশিৰ বাবে আজি প্ৰেমত পৰীক্ষাৰ দিন, কোন ৰাশিৰ লোকৰ বাবে আছে ভাল খবৰ!

এইকেইটা ৰাশিৰ জাতক–জাতিকাৰ বাবে আজিৰ দিনটো অতি উত্তম।

এইকেইটা ৰাশিৰ জাতক–জাতিকাৰ বাবে আজিৰ দিনটো অতি উত্তম।

এইকেইটা ৰাশিৰ জাতক–জাতিকাৰ বাবে আজিৰ দিনটো অতি উত্তম।

  • Share this:
মেষ : আজি সমগ্ৰ দিনটো আপোনাৰ শক্তি তুংগত থাকিব। শাৰীৰিক অৱস্থাৰ পৰিৱৰ্তন হ’ব পাৰে। আজি আপুনি যি কামতে হাত দিব তাতেই সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত দায়িত্ব লোৱাৰ পৰা আৰম্ভ কৰি যিকোনো গুৰুত্বপূৰ্ণ কাম হাতত ল’ব পাৰে।

বৃষ : আজি আপোনাৰ প্ৰতিপক্ষসকলে নানাভাৱে অপদস্থ কৰাৰ চেষ্টা কৰিব। কিন্তু আপুনি সকলো দিশতে তেওঁলোকৰ বিৰুদ্ধে জয়লাভ কৰিব। আপোনাৰ আজি এনে কাৰোবাৰ সৈতে সাক্ষাৎ হ’ব যাক আপোনাৰ সংগী হোৱাৰ বাবে আদৰ্শ বুলি ভাবিব।

মিথুন : আজি নিজৰ চাৰিওফালে কিছুমান পৰিৱৰ্তনৰ বাবে অপেক্ষা কৰিব। আপুনি বৰ্তমান সম্পৰ্কৰ ক্ষেত্ৰত সুখী আৰু আনন্দিত। এনে কাৰোবাৰ সৈতে যোগাযোগ কৰক যিয়ে আপোনাক গুৰুত্বপূৰ্ণ তথ্য সৰবৰাহ কৰিব।

কৰ্কট : নজনা কোনো বিষয়ৰ সৈতে আজি মোকাবিলা কৰিব লাগিব পাৰে। পেটৰ সমস্যাত ভুগিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা ক্ৰমাগতভাৱে উন্নতিৰ দিশলৈ গৈছে আৰু আগন্তুক দিনত অধিক উন্নতি হ’ব।

সিংহ : আপুনি আজি আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হ’ব। সম্পৰ্কক আৰু দূৰলৈ লৈ যাব বিচাৰিলে আজিৰ দিনটো শ্ৰেষ্ঠ। চেষ্টা কৰক মানুহৰ আবেগৰ সৈতে জড়িত হ’বলৈ।

কন্যা : ঘৰৰ বয়োজ্যেষ্ঠসকলৰ শাৰীৰিক অৱস্থাক লৈ আজি আপোনাৰ সমস্যা হ’ব পাৰে। আজি আপোনাৰ প্ৰেমত পৰীক্ষা দিয়াৰ দিন। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব।

তুলা : আপোনাৰ চাৰিওফালে থকাসকলৰ পৰা আপুনি আজি সমৰ্থন আৰু মৰম লাভ কৰিব। আজি আপোনাৰ দিনটো খুব ব্যস্ততাৰ মাজেৰে পাৰ হ’ব। যিসকলে চাকৰিৰ বাবে আবেদন কৰিছে তেওঁলোকে সফলতা লাভ কৰিব।

বৃশ্চিক : আপুনি বহুদিন ধৰি শৰীৰৰ যতন ল’ব পৰা নাই। আপোনাৰ সংগীৰ সৈতে কিছু সমস্যা হ’ব পাৰে, বিৰক্ত নহ’ব। আপুনি কিছুদিন ধৰি মন আৰু বাস্তৱৰ মাজত মানসিক সমস্যাত ভুগিছে, এইবাৰ তাৰ অৱসান ঘটিব।

ধনু : আপোনাৰ জীৱনত এনে কোনোবা আছে যিয়ে আপোনাৰ উন্নতিত বাধা দিছে। সম্পৰ্কত নানা সমস্যাই দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত সামান্য সমস্যা হ’ব পাৰে।

মকৰ : পুৰণি বন্ধু আৰু পৰিয়ালৰ সৈতে সময় কটাওক। আজি আপুনি সমগ্ৰ দিনটো নষ্টালজিক হৈ থাকিব।

কুম্ভ : আপুনি বৰ্তমান অত্যন্ত ইতিবাচক মনোভাৱত থাকিব। সেয়ে সহজে সফলতা আহিব। আজি কৰ্মক্ষেত্ৰতে হওক বা আৰ্থিক বিষয়তে হওক – আনৰ সৈতে পৰামৰ্শ কৰি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰক।

মীন : নিজকে কিছু সময় দিয়ক আৰু শাৰীৰিক দিশত সচেতন হওক। এতিয়াই আপোনাৰ শ্ৰেষ্ঠ সময় কেৰিয়াৰৰ দিশত সিদ্ধান্ত লোৱাৰ বাবে।
Published by:Sanjay Kumar Das
First published: