মেষ : যিকোনো কামতে সফলতা আহিব। নিজৰ ইতিবাচক মনোভাৱ আৰু উদ্দীপনাৰ বাবে সকলোৱে আকৃষ্ট বোধ কৰিব।
বৃষ : সকলো কাম সময়ত শেষ কৰা সম্ভৱ নহ’বও পাৰে। ইয়াৰ ফলত মানসিক উদ্বেগৰ সৃষ্টি হ’ব পাৰে। প্ৰয়োজনত আনৰ সহায় বিচাৰিব লাগিব পাৰে।
মিথুন : ধৈৰ্য ধৰিব লাগিব। পৰিৱৰ্তন আহিবই, আৰু সি উজ্জ্বল ভৱিষ্যতৰ দিশে লৈ যাব।
কৰ্কট : পৰিকল্পনা যিকোনো সময়ত কৰা যাব পাৰে। আৰু তাৰ সঠিক বাস্তবায়ন হ’ব সঠিক সময়ত। সম্পৰ্কৰ ক্ষেত্ৰত পুৰণি ভুল বুজাবুজি আঁতৰিব পাৰে।
সিংহ : আশে পাশে ঘটা ঘটনাত কিছু বিভ্ৰান্ত বোধ হ’ব পাৰে। নিজৰ মনৰ কথা শুনিব লাগিব। আত্মবিশ্বাসে বহু কথা শিকাব।
কন্যা : জীৱনত কিছু পৰিৱৰ্তন প্ৰয়োজন। একঘেয়ামী যিমান সোনকালে আঁতৰ হ’ব সিমানে নিজৰ শ্ৰেষ্ঠতাখিনি প্ৰদৰ্শনত সহায় কৰিব। যি ঘটিছে তাৰ এটা ভাল দিশো আছে।
তুলা : বিদেশত বসবাসৰ সপোন পূৰ্ণ হ’ব পাৰে। বিদেশী কোনো সংস্থাৰ পৰা কামৰ সুযোগ আহিব পাৰে।
বৃশ্চিক : বহু দায়িত্ব আছে, সেইবোৰ লাহে লাহে পূৰণ কৰিব লাগিব। আনৰ বিৰুদ্ধে অভিযোগ নকৰি নিজৰ লক্ষ্যত আগুৱাই যাওক।
ধনু : পুৰণি বন্ধু বা পৰিয়ালৰ কোনো সদস্যৰ সৈতে ভ্ৰমণৰ সম্ভাৱনা। নতুন কোনো পৰীক্ষামূলক কাম এতিয়া আৰম্ভ নকৰাই ভাল।
মকৰ : যুক্তি আৰু আবেগৰ মাজত টনা–আঁজোৰা চলিছে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সচেতন হওক। ভ্ৰমণ পৰিকল্পনা কৰিব পাৰে।
কুম্ভ : সামান্য পৰ্যবেক্ষণত আনৰ কামৰ পৰা বহু কথা শিকিব পাৰিব পাৰে, যিটো ভৱিষ্যতে কাম আহিব। স্বাস্থ্য সম্পৰ্কীয় কোনো ভাল খবৰ পোৱা যাব পাৰে।
মীন : অতীতৰ কোনো ভুল সংশোধন কৰাৰ সুযোগ পাব। তাৰ ফলত শান্তি পাব। শাৰীৰিক সমস্যাক উপেক্ষা কৰিলে সেয়া নিৰাময় নহ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|