• Home
  • »
  • News
  • »
  • assam
  • »
  • Horoscope : ৮ আগষ্টৰ ৰাশিফল! চাওক আজিৰ দিনটোৰ আপোনাৰ ভাগ্যফল

Horoscope : ৮ আগষ্টৰ ৰাশিফল! চাওক আজিৰ দিনটোৰ আপোনাৰ ভাগ্যফল

দিনটোৰ আৰম্ভণিতে চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো।

দিনটোৰ আৰম্ভণিতে চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো।

দিনটোৰ আৰম্ভণিতে চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো।

  • Share this:
মেষ : আজি সংগীক লৈ আপোনাৰ দৃষ্টিভংগী আৰু মতামত সলনি হ’ব। আজি কোনো নতুন পৰিচয়ৰ সূত্ৰে আপোনাৰ ব্যৱসায়িক লাভ হ’ব।

বৃষ : আপুনি লটাৰী বা কোনো শ্বপিং ডিলত বিনিয়োগ কৰিলে লাভৱান হ’ব। সংগীৰ ওচৰত নিজৰ যাৱতীয় চাহিদাৰ কথা খুলি ক’ব লাগিব। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতাক আৰু অধিক বৃদ্ধিৰ চেষ্টা কৰিব লাগিব।

মিথুন : ঘনে ঘনে মনটো সলনি হ’ব পাৰে। পেটৰ সমস্যাত ভুগিব পাৰে। বাকী থকা কোনো কাম থাকিলে আজি সেয়া কৰিব পাৰে।

কৰ্কট : দিনটো বিভ্ৰান্তিৰ মাজেৰে আৰম্ভ হ’ব। সম্পৰ্কক লৈ পিছত দৌৰিব নালাগে। আজি নিজৰ কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে শ্ৰেষ্ঠ দিন।

সিংহ : আজি আপুনি উপলব্ধি কৰিব পাৰিব যে অতীতত লাগি থাকি লাভ নাই। নিজৰ মনৰ কথা শুনিব লাগিব। আজি আপুনি কৰ্মক্ষেত্ৰত নতুন কামৰ সুযোগ পাব পাৰে।

কন্যা : পৰিশ্ৰম কৰি সফলতা অৰ্জন কৰিব লাগিব আৰু আনন্দ কৰিব লাগিব। সংগীৰ পৰা ভাল কোনো ছাৰপ্ৰাইজ পাব পাৰে। একেই মনোভাৱাপন্ন মানুহৰ পৰা আপুনি ভাল ব্যৱসায়িক প্ৰস্তাৱ পাব পাৰে।

তুলা : আন দিনৰ তুলনাত আজি অতিৰিক্ত আবেগপ্ৰৱণ হৈ পৰিব পাৰে। ডায়েটক লৈ সতৰ্ক হ’ব লাগিব। পলমকৈ হ’লেও আপুনি সকলো কাম সম্পন্ন কৰাত সফল হ’ব। সংগীৰ প্ৰতি মৰম আৰু যত্ন দেখুৱাব লাগিব।

বৃশ্চিক : আপোনাৰ জীৱনলৈ নিগেটিভ মনোভাৱ লৈ অহা লোকসকলৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ লগতে পাৰিবাৰিক কামত সহায় কৰক। আপোনাৰ আৰ্থিক পৰিস্থিতি ক্ৰমে উন্নত হৈছে, সেয়ে ইয়াৰ পৰা লাভ কৰাৰ চেষ্টা কৰিব লাগিব।

ধনু : আজি আপোনাৰ সন্মুখত যিমানেই বাধা নাহক কিয়, সকলো নেওচি সফলতাৰ মুখ দেখিব। আজি সংগীৰ সৈতে সুন্দৰ মুহূৰ্ত কটোৱাৰ সুযোগ পাব। কিন্তু কৰ্মক্ষেত্ৰত কিছু গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

মকৰ : আজি আপোনাৰ সৃজনশীল দক্ষতা দেখুওৱাৰ বাবে শ্ৰেষ্ঠ দিন। আজি সম্পৰ্কৰ পৰা আৰম্ভ কৰি ব্যৱসায়িক চুক্তিলৈ সফলতা লাভ কৰিব। আৰ্থিকভাৱে দিনটো ভাল।

কুম্ভ : নিজৰ ওচৰত সৎ হৈ থকাৰ চেষ্টা কৰিব লাগিব। আজি সংগীয়ে এনে কিছুমান কাম কৰাৰ চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস মজবুত হৈ থাকিব। আপুনি নিজৰ প্ৰতিষ্ঠানত প্ৰতিষ্ঠিত হ’লেও কামত অমনোযোগী হৈ পৰিব পাৰে।

মীন : আপুনি বৰ্তমান খুব ধৈৰ্য দেখুৱাইছে, ফলত লাভৱান হ’ব। আজি আপোনাৰ সংগীৰ ফালৰ পৰা ছাৰপ্ৰাইজ পাব। কনষ্ট্ৰাকচন ব্যৱসায়ত জড়িতসকলৰ বাবে দিনটো অতি সুন্দৰ।
Published by:Sanjay Kumar Das
First published: