মুখ্যপৃষ্ঠা »খবৰ »অসম »প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী, ৰাজ্যলৈ অৱদানৰ স্বীকৃতি

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী, ৰাজ্যলৈ অৱদানৰ স্বীকৃতি

ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰী, বিৰোধী দলপতি বা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তৰ আছে অৱদান।

ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰী, বিৰোধী দলপতি বা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তৰ আছে অৱদান।

ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰী, বিৰোধী দলপতি বা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তৰ আছে অৱদান।

  • Share this:

অসমৰ প্ৰতি থকা অৱদানৰ বাবে দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে অসম ডাউন টাউন ইউনিভাৰ্ছিটীয়ে। ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰী, বিৰোধী দলপতি বা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যখনলৈ আগবঢ়োৱা প্ৰভূত অৱদানৰ বাবে অসম ডাউন টাউন ইউনিভাৰ্ছিটীয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে প্ৰফুল্ল কুমাৰ মহন্ত (Prafulla Kumar Mahanta)ক।


সম্বৰ্ধনা পত্ৰখনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰে যে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চলা বিশ্ববিখ্যাত অসম আন্দোলনৰ ফলশ্ৰুতিত সাক্ষৰিত অসম চুক্তিৰ বাবেই অসমে কেন্দ্ৰৰ পৰা বহু আদায় কৰিলে। বিশেষকৈ বিশেষ ৰাজ্যৰ মৰ্যাদা, নুমলীগড় তেল শোধনাগাৰ, স্থায়ী ৰাজধানী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, তেজপুৰ বিশ্ববিদ্যালয়, শিলচৰ বিশ্ববিদ্যালয়, কৃষি বিশ্ববিদ্যালয়, আমিনগাঁওৰ আই আই টি, মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্প, তাৰকাগৃহৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক ছুপাৰ স্পেচিয়েলিটি  হাস্পতাললৈ উন্নীতকৰণ, এন আৰ চি অসম চুক্তিৰ জৰিয়তে আদায় কৰিবলৈ সক্ষম হৈছিল অসমে।


অসমখনৰ নৱ নিৰ্মাণত প্ৰফুল্ল কুমাৰ মহন্তৰ থকা অৰিহণাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰে ডাউন টাউন বিশ্ববিদ্যালয় (Assam down town University) কৰ্তৃপক্ষই।

শেহতীয়া বাতৰি