
স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।
স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।
মহামাৰী কোৰোণাৰ সংহাৰী ৰূপ সৰ্বত্ৰ। বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁঞিৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি। বৰ্তমান GMCHত সাহিত্যিগৰাকী চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। হোমেন বৰগোহাঁঞিৰ বয়স বৰ্তমান ৮৮ বছৰ। বৰ্তমানলৈকে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, কোৰোণা ভেকচিনৰ দুয়োটা ডোজ সমাপ্ত কৰাৰ পিছতো হোমেন বৰগোহাঁঞি আক্ৰান্ত হ'ল কোৰোণাত। বিশিষ্ট সাহিত্যিকগৰাকী কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে অসংখ্য লোকে ছচিয়েলৰ মিডিয়াত তেখেতৰ আশু আৰোগ্য কামনা কৰি পোষ্ট শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে।
ইফালে আজিৰ দিনটোতে কোৰোণাত আক্ৰান্ত হ'ল জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা। কিছুদিন ধৰি শাৰীৰিক ভাবে কিছু অসুস্থ হৈ আছিল জুবলী বৰুৱা। চৰ্দি আৰু কম-বেছি পৰিমাণে জ্বৰ হৈ আছিল জুবলীৰ। শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে। বৰ্তমান জুবলী হোম আইছলেশ্যনতে আছে বুলি জানিব পৰা গৈছে। কণ্ঠশিল্পীগৰাকীয়ে দেহত কোৰোণা পজিটিভ ওলোৱাৰ কথা ছচিয়েল মিডিয়াৰ জৰিয়তে সদৰি কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|