৮৯ বছৰ বয়সত বৰেণ্য সাহিত্যিক হোমেন বৰগোহাঞিৰ দেহাৱসান। চিকিৎসকে মৃত ঘোষণা কৰে কথাশিল্পীগৰাকীক। লগে লগে অসমৰ সাহিত্য-সংবাদ জগতত বিয়পি পৰিছে শোকৰ ছাঁ।
১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হৈছিল। পঞ্চাছৰ দশকৰ পৰাই গল্প, কবিতা, উপন্যাস, প্ৰবন্ধৰে অসমীয়া সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছিল সাহিত্যিকগৰাকীয়ে। চাকৰি এৰি তেওঁ খোজ দিছিল সংবাদ জগততো।
হোমেন বৰগোহাঞিয়ে কেইবাখনো উপন্যাসেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে, সেই কেইখন হ'ল- সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, অস্তৰাগ, পিতা-পুত্ৰ, দুখন ৰাজনৈতিক উপন্যাস: কুশীলৱ, তিমিৰ তীৰ্থ, এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা, সুবালা, মৎস্যগন্ধা আৰু তান্ত্ৰিক। তেখেতে লিখা এখন কবিতা পুথি হৈছে হৈমন্তী। তেখেতৰ কেইবাখনো প্ৰবন্ধ সংকলনৰ অন্যতম- প্ৰজ্ঞাৰ সাধনা, গদ্যৰ সাধনা, পাঠকৰ টোকবহী, উচ্চাকাংক্ষা, আশীৰ দশকৰ দস্তবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, মানুহ হোৱাৰ গৌৰৱ, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, শৰীৰ আৰু হৃদয়, সাৰাংশ, জিজ্ঞাসা।১৯৭৮ চনত
পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয় বৰেণ্য সাহিত্যিকগৰাকী। তেখেতে ইয়াৰ উপৰিও অসম উপত্যাকা সাহিত্য বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। ২০০১ আৰু ২০০২ চনত অসম সাহিত্য সভাৰ ডিব্ৰুগড় আৰু কলগাছিয়া অধিৱেশনৰ সভাপতি আসন শুৱনি কৰিছিল হোমেন বৰগোহাঞিয়ে। সংবাদ জগতৰ সৈতে নিবিড় সম্পৰ্ক থকা বৰগোহাঞিয়ে কেইবাখনো বাতৰি কাকতৰ সৈতেও জড়িত আছিল। সঁচাকৈয়ে বৰগোহাঞিৰ মৃত্যু অসমৰ সাহিত্য, সংবাদ, সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি
Published by: Kokil Sarma
FIRST PUBLISHED : May 12, 2021, 08:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।