বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ পৰলোক। পুৱা ৬.৫৮ বজাত GNRCত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীয়ে। নিশা ৩বজাত বিছনাৰ পৰা ঢলি পৰিছিল। অসুস্থ অৱস্থাত দুই সহায়কাৰীয়ে লৈ আহিছিল হাস্পতাললৈ। কেইদিনমান পূৰ্বে ক'ৰোনাৰ পৰা আৰোগ্য হৈছিল সাহিত্যিকগৰাকী।
অৱশেষত চিকিৎসাধীন অৱস্থাতে ৮৯বছৰ বয়সত সকলোকে কন্দুৱাই বিদায় মাগে অসমৰ জনপ্ৰিয় সাহিত্যিক হোমেন বৰগোহাঞিয়ে। বৰগোহাঞি আছিল অসমৰ এগৰাকী অন্যতম সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। সাহিত্যিকগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। বৰগোহাঞিৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : May 12, 2021, 07:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।