নগাঁৱত পৰিত্যক্ত গাড়ীৰ ভিতৰত জ্বলাই দিলে এজন গৃহহীন ফেৰীৱালাক!

News18 Assam | News18-Assam
Updated:May 26, 2020, 8:20 PM IST
নগাঁৱত পৰিত্যক্ত গাড়ীৰ ভিতৰত জ্বলাই দিলে এজন গৃহহীন ফেৰীৱালাক!
নিশা প্ৰায়  দহমান বজাত উক্ত টাটা ছম’খনত জুই লগা প্ৰত্যক্ষ কৰি স্থানীয় লোক গাড়ীখনৰ কাষ চাপি জুই নুমোৱাৰ চেষ্টা কৰা লগতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

নিশা প্ৰায়  দহমান বজাত উক্ত টাটা ছম’খনত জুই লগা প্ৰত্যক্ষ কৰি স্থানীয় লোক গাড়ীখনৰ কাষ চাপি জুই নুমোৱাৰ চেষ্টা কৰা লগতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

  • Share this:
নগাঁও চহৰৰ মৰিকলং আৰক্ষী চকীৰ অন্তৰ্গত চাৰিখুটিত সোমবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি ল’লে এজন গৃহহীন ফেৰীৱালাই। মৃত লোকজনৰ নাম চাকিব আনচাৰী। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত পৰি থকা এখন টাটা ছুম’ বাহনত নিশা কটাইছিল চাকিব আনছাৰী নামৰ ফেৰীৱালাজনে।

পূৰ্বৰ দৰে কালি নিশাও লোকজনে এ এছ ০২ চি ৮০৬২ নম্বৰৰ পৰিত্যক্ত টাটা ছুম’খনত নিশা যাপন কৰিছিল। স্থানীয় ৰাইজে জনোৱা মতে, নিশা প্ৰায় ৮ মান বজাত উক্ত লোকজনৰ লগত আঠ দহজনীয়া এটা যুৱকৰ দলৰ কোনো বিষয়ক লৈ কাজিয়াৰ সূত্ৰপাত হয়। ওচৰ–চুবুৰীয়া ওলাই অহাত যুবকৰ দলটো পলায়ন কৰে।

ইয়াৰ পিছতে নিশা প্ৰায়  দহমান বজাত উক্ত টাটা ছম’খনত জুই লগা প্ৰত্যক্ষ কৰি স্থানীয় লোক গাড়ীখনৰ কাষ চাপি জুই নুমোৱাৰ চেষ্টা কৰা লগতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাৰ পিছত গাড়ীখনৰ ভিতৰত অগ্নিদগ্ধ অৱস্থাত আনচাৰীৰ মৃতদেহ উদ্ধাৰ কৰে।

পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত চাৰিখুটি ৰাইজক মৃতদেহটো চমজাই দিয়ে। স্থানীয় ৰাইজৰ উদ্যোগতে আনচাৰীৰ জানাজা সম্পন্ন হয়।ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
First published: May 26, 2020, 8:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading