হোজাই থানাৰ অন্তৰ্গত ৰামপুৰ বস্তি অঞ্চলত পথৰ দাঁতিৰ অৰণ্যৰ মাজত আজি আবেলি ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ।মৃত যুৱকজন গাঁওখনৰ ৰামনাথ পণ্ডিতৰ ঘৰত শ্ৰমিক হিচাপে বিগত ৬ বছৰ ধৰি কাম কৰা অজয় শৰ্মা বুলি নাম জনা গৈছে যদিও এতিয়াও উদ্ধাৰ হোৱা নাই যুৱকজনৰ ঘৰৰ ঠিকনা ।
ৰামনাথ পণ্ডিতৰ ঘৰত শ্ৰমিক হিচাপে আছিল যদিও তেওঁলোকেও যুৱকজনৰ ঘৰৰ ঠিকনা নজনাত সৃষ্টি হৈছে ৰহস্যৰ।ইফালে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে স্পষ্ট হোৱা নাই যদিও যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে। পৰৱৰ্তী সময়ত হোজাই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ ব্যৱস্থা লৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|