দুই দশকৰো অধিক কাল অশান্তজৰ্জৰ হৈ থকা কাৰ্বিভূমিত এতিয়া যেন ঘূৰি আহিব শান্তি।নিজ অধিকাৰ বিচাৰি বিদ্ৰোহী সংগঠনসমূহে শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে।বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হ'ব লগা শান্তি চুক্তিৰ বৈঠকৰ বাবে বুধবাৰে বিয়লি KLNLF, UPLA, PDCK আৰু KPLTৰ তিনিটা গোটসহ মুঠ ৬টা বিদ্ৰোহী সংগঠনৰ নেতৃত্বসহ মুঠ ১৬২গৰাকী কেডাৰ ৰাওনা হৈছে দিল্লীলৈ।
বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব লগা এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাংকে ধৰি চৰকাৰী পক্ষৰ কেইবাগৰাকীও বিশেষ ব্যক্তি উপস্থিত থাকিব। এই বৈঠকৰ সিদ্ধান্ত ফলপ্ৰসূ হ'লে অহা ৪ ছেপ্টেম্বৰত স্বাক্ষৰিত হ'ব শান্তি চুক্তি। ইয়াকে লৈ যথেষ্ট আশাবাদী বিদ্ৰোহী সংগঠনৰ নেতা–কৰ্মী।
দুই দশকৰো অধিক কাল অধিকাৰ বিচাৰি অশান্তজৰ্জৰ কৰি ৰখা বিদ্ৰোহী সংগঠনকেইটাই শান্তি চুক্তিৰ বাবে আগবাঢ়ি অহাৰ পিছত চৰকাৰৰ সৈতে কি ধৰণে শান্তিচুক্তি স্বাক্ষৰিত হয় সেয়া সময়ত জানিব পৰা যাব যদিও কাৰ্বিভূমিত এইবাৰ শান্তি প্ৰতিষ্ঠা যে হ'ব সেয়া স্পষ্ট।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|