
কামাখ্যা ধামত আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনী
কামাখ্যা ধামত আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনী
আজি শক্তিপীঠ কামাখ্যালৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। পুৱা ৯ বাজি ৩০ মিনিটত কামাখ্যা ধামত উপস্থিত হ'ব গৃহমন্ত্ৰীগৰাকী। উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ তৎপৰ আৰক্ষী প্ৰশাসন। মহানগৰীৰ চৌদিশে গঢ়ি তোলা হৈছে আৰক্ষীৰ বেষ্টনী। নীলাচল পাহাৰ তথা শক্তিপীঠ কামাখ্যাতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। নীলাচল পাহাৰৰ পথত বহিৰাগত কোনো ধৰণৰ যানবাহন ৰাখিবলৈ অনুমতি দিয়া হোৱা নাই।
মন কৰিবলগীয়া যে, কামাখ্যা মন্দিৰৰ প্ৰৱেশ পথ আৰু মূল প্ৰৱেশ দ্বাৰতো বহুসংখ্যক আৰক্ষী, CRPF বাহিনীৰ লোক মোতায়েন কৰা হৈছে। আনকি সংবাদ মাধ্যমকো মন্দিৰলৈ প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। শক্তিপীঠ কামাখ্যা দৰ্শনৰ পাছতেই ১১ বজাত উত্তৰ-পূব পৰিষদৰ ৭০তম পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীজনে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|