
আজি শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
আজি শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
সম্প্ৰতি অসম ভ্ৰমণত থকা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আজি শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা আগবঢ়াই আশিস ল’লে গৃহমন্ত্ৰীজনে। মন্দিৰ প্ৰাংগনত গৃহমন্ত্ৰীক প্ৰত্যক্ষ কৰি ‘ভাৰত মাতা কী জয়’ আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনি একাংশ দৰ্শনাৰ্থীৰ। উল্লেখ্য যে, কামাখ্যা মন্দিৰ দৰ্শনৰ সময়ছোৱাত গৃহমন্ত্ৰীজনক সংগ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|