এদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah) আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (University of Forensic Science) ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীযে ভাৰ্চুৱেলি স্থাপন কৰে এই শিলান্যাস ৷
চাংসাৰিৰ ৫১ একৰ ভূমি সামৰি স্থাপন হ'ব NFSU ৰ চৌহদ ৷ প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব NFSUৰ চৌহদ ৷ ২০৩০ ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য NFSUৰ চৌহদৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব ২০২৬ চনৰ ভিতৰত ৷ NFSUৰ চৌহদত থাকিব বিভিন্ন বিভাগৰ ৩ হাজাৰখন আসন ৷ দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব ৷ উল্লেখ্য যে NFSUৰ চৌহদত ফৰেণচিক বিজ্ঞান, ছাইবাৰ ফৰেণচিক, দ্ৰোণ ফৰেণচিক, ডিজিটেল ফৰেণচিক, নিচাজাতীয় ফৰেণচিক, ফৰেণচিক ন্যায় আদি বিভাগৰ পাঠ্যক্ৰম থাকিব ৷ সৰ্বমুঠ ৫০ টা বিষয়ত স্নাতক, স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধা ৷ লগতে পিএইছডি আৰু পোষ্ট ডক্টৰেলৰো সুবিধা থাকিব NFSUৰ চৌহদত ৷
বিশ্ববিদ্যালয়খনৰ এই পাঠ্যক্ৰমৰ জড়িযতে উত্তৰ পূবৰ যুৱক যুৱতীৰ নিযোগ সৃষ্টিৰ বাট মুকলি হ'ব ৷ কিয়নো NFSUত অধ্যয়ন কৰা যুৱক যুৱতীৰ চাকৰি প্ৰায় নিশ্চিত বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয় যে উত্তৰ পূবৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন ৷ উত্তৰ পূৱৰ শিক্ষাৰ্থীয়ে দিল্লী, মুম্বাই নোযোৱাকৈ এতিয়া গুৱাহাটীত থাকি ফৰেনচিক বিজ্ঞানৰ শিক্ষা লব পাৰিব ৷ ফৰেনচিক বিশ্ববিদ্যালয়ৰ (University of Forensic Science) জড়িয়তে ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত এক সেতু স্থাপন হব ৷ এই বিশ্ববিদ্যালয়ৰ বাবে অসম চৰকাৰে ভূমি প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ গৃহমন্ত্ৰীৰ ৷ কিয়নো অপৰাধজনিত ঘটনা নিয়ন্ত্ৰণৰ বাবে ফৰেনচিক তথ্যৰ অত্যন্ত প্ৰয়োজন ৷ যাৰ জড়িয়তে দোষী সাব্যস্ত কৰাত সহজ হয় ৷ এনে ক্ষেত্ৰত অচিৰেই ঘটনাত ফৰেনচিক দল উপস্থিত বাধ্যতামূলক কৰা হ'ব বুলিও মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ ৷
Published by: Kokil Sarma
FIRST PUBLISHED : May 25, 2023, 21:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।