মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Amit Shah in Assam: অসমক উন্নতিৰ পথত নিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতঃ কলাক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহ

Amit Shah in Assam: অসমক উন্নতিৰ পথত নিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতঃ কলাক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহ

News18 Assam | News18-Assam
Updated:July 25, 2021, 8:49 PM IST
Amit Shah in Assam: অসমক উন্নতিৰ পথত নিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতঃ কলাক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহ
'তামুলপুৰ মেডিকেল কলেজ কেৱল মেডিকেল কলেজ নহয়, ই বড়ো শান্তি চুক্তিৰ অংগ।'

'তামুলপুৰ মেডিকেল কলেজ কেৱল মেডিকেল কলেজ নহয়, ই বড়ো শান্তি চুক্তিৰ অংগ।'

  • Share this:

মেঘালয়ৰ পৰা আহি অসমত উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শ্বাহে আজি কেইবাটাও কাৰ্যসূচীত ভাগ লয়। কামাখ্যা মন্দিৰ দৰ্শনৰ লগতে আজিৰ দিনটোত গৃহমন্ত্ৰী শ্বাহে কেঞ্চাৰ হাস্পতালৰ ৰেডিঅ’ থেৰাপী ব্লক মুকলি কৰাৰ লগতে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ভাগ লয়। এই অনুষ্ঠানতে প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে কোভিডত মৃত্যু হোৱা ১০০গৰাকী লোকৰ আত্মীয়ক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে অমিত শ্বাহে (Amit Shah)।


নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে অসমত অহাৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকী নিৰ্বাচনত বিজেপিৰ জয়লাভ প্ৰসংগত কয়– 'বিগত পাঁচ বছৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই উন্নতিৰ যি যাত্ৰা আৰম্ভ কৰিছিল, তাৰ বাবেই পুনৰ ৰাইজে জনাদেশ দিলে বিজেপিক। দ্বিতীয়বাৰ চৰকাৰ অহাৰ পাছত এয়া স্পষ্ট– অসমে আন্দোলন, হিংসা, উগ্ৰবাদ নিবিচাৰে, উন্নতি বিচাৰে। মোৰ বিশ্বাস ২০২৪ৰ আগতেই আন্দোলন আৰু হিংসাৰ পথ এৰি অসম উন্নতিৰ দিশত আগবাঢ়িব।'


আনহাতে গৃহমন্ত্ৰীগৰাকীয়ে নিজ দল সম্পৰ্কত মন্তব্য আগবঢ়াই কয়– 'বিজেপিয়ে উত্তৰ–পূবৰ সকলো সংস্কৃতি ভাৰতৰ অলংকাৰ বুলি মানে। প্ৰধানমন্ত্ৰীয়ে নিজেও উত্তৰ–পূবক গুৰুত্ব দিছে। এতিয়া অসমৰ দুয়ো ফালৰ পৰা লাভ হ'ব। সৰ্বানন্দ সোণোৱাল কেবিনেট মন্ত্ৰী হ'ল আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল। দুয়োগৰাকীয়ে অসমৰ কাম কৰিব।'



গৃহমন্ত্ৰী শ্বাহে কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহৰ পৰা ভাৰ্চুৱেলী তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ উপস্থিতিত তামুলপুৰ তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি তেওঁ কয়– 'তামুলপুৰ মেডিকেল কলেজ কেৱল মেডিকেল কলেজ নহয়, ই বড়ো শান্তি চুক্তিৰ অংগ। ২০২৪ৰ ভিতৰতেই বড়ো শান্তি চুক্তিৰ সকলো দিশ কাৰ্যকৰী হ'ব। স্বাস্থ্য খণ্ডত অসম দেশৰ ভিতৰতে উল্লেখযোগ্য হিচাপে জিলিকিব।'


উল্লেখ্য, গৃহমন্ত্ৰীগৰাকীয়ে 'আন্দোলন কৰিলেহে কিবা পোৱা যায় বুলি যি ধাৰণা আছিল সেয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে ভুল প্ৰমাণিত কৰা বুলি উল্লেখ কৰে। তেওঁ অসম চুক্তিৰ প্ৰসংগ কয়– 'অসম চুক্তিৰ ফাইল কেৱল বিজেপিয়েহে খুলিলে, ইয়াৰ আগেয়ে এয়া বন্ধ হৈ ধূলিৰ ওজন হৈ আছিল।' গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা পোষণ কৰি কয় যে অসমৰ বিকাশ ড০ শৰ্মাৰ ওপৰত।

Published by: Gautam Barman
First published: July 25, 2021, 8:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি