জাহ্নৱী শইকীয়াৰ ঘৰত কিয় লুকুৱাই ৰাখিছিল অস্ত্ৰ–শস্ত্ৰ?

এজন ৰহস্যময় বগা, ওখ যুৱকৰ কথা কৈছে বনকৰা ছোৱালীয়ে।

news18assam
Updated:May 17, 2019, 3:39 PM IST
জাহ্নৱী শইকীয়াৰ ঘৰত কিয় লুকুৱাই ৰাখিছিল অস্ত্ৰ–শস্ত্ৰ?
এজন ৰহস্যময় বগা, ওখ যুৱকৰ কথা কৈছে বনকৰা ছোৱালীয়ে।
news18assam
Updated: May 17, 2019, 3:39 PM IST
জাহ্নৱী শইকীয়াৰ ঘৰৰ বনকৰা মহিলাৰ চাঞ্চল্যকৰ ভাষ্য। ঘৰটোত পূৰ্বৰে পৰা অস্ত্ৰ–শস্ত্ৰ দেখাৰ স্বীকাৰোক্তি। অস্ত্ৰ–শস্ত্ৰৰ কথা সুধিলে বিষয় সলনি কৰিছিল জাহ্নৱীয়ে। ঘটনাৰ ৪দিন পূৰ্বে ঘৰটোত এজন যুৱকে আশ্ৰয় লৈ থকাৰ অভিযোগ।

গ্ৰেণেড বিস্ফোৰণৰ অভিযুক্ত জাহ্নবী শইকীয়াৰ ঘৰত বনকৰা মহিলা মালেকা বেগমৰ ভাষ্য-বনকৰা ছোৱালীক জাহ্নৱী শইকীয়াই পাঞ্জাবাৰীৰ নামঘৰ পথৰ মছজিদ গলিত ভাৰাতিয়া হিচাপে থকা ঘৰটোত পূৰ্বৰ পৰাই অস্ত্ৰ–শস্ত্ৰ দেখাৰ কথা স্বীকাৰ কৰে। অৱশ্যে বনকৰা ছোৱালীজনীয়ে জাহ্নৱী শইকীয়াক সেই সামগ্ৰীৰ বিষয়ে সুধিলে ৰে’লৰ ঠিকা কামত ব্যৱহাৰৰ বাবে এই সামগ্ৰীসমূহ অনা বুলি কয়। তদুপৰি বিগত চাৰিদিন ধৰি এজন বগা ওখ যুৱকে জাহ্নবী শইকীয়াৰ ঘৰত আশ্ৰয় লৈ থকা বুলি বন কৰা যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।

আৰু চাওক পৰৱৰ্তী বাতৰি