• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Home Guard Demand : এইবাৰ গৃহৰক্ষী বাহিনীৰ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ, হাতত অস্ত্ৰ লৈ জংঘললৈ যোৱাৰ ভাবুকি।

Assam Home Guard Demand : এইবাৰ গৃহৰক্ষী বাহিনীৰ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ, হাতত অস্ত্ৰ লৈ জংঘললৈ যোৱাৰ ভাবুকি।

অসম চৰকাৰে কৰ্ম বিৰতিত থকা এঘাৰ হেজাৰ গৃহৰক্ষীৰ চাকৰিৰ নিয়ামীয়াকৰণj পৰিৱৰ্তে  ৬০ শতাংশ পদ বিলোপ কৰি তেওঁলোকক কৰ্মহীন, পংগু কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ।

অসম চৰকাৰে কৰ্ম বিৰতিত থকা এঘাৰ হেজাৰ গৃহৰক্ষীৰ চাকৰিৰ নিয়ামীয়াকৰণj পৰিৱৰ্তে ৬০ শতাংশ পদ বিলোপ কৰি তেওঁলোকক কৰ্মহীন, পংগু কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ।

অসম চৰকাৰে কৰ্ম বিৰতিত থকা এঘাৰ হেজাৰ গৃহৰক্ষীৰ চাকৰিৰ নিয়ামীয়াকৰণj পৰিৱৰ্তে ৬০ শতাংশ পদ বিলোপ কৰি তেওঁলোকক কৰ্মহীন, পংগু কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ।

  • Share this:
এইবাৰ চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী জোৱান সকলে। কৰ্ম বিৰতিত থকা গৃহৰক্ষী জোৱানৰ ষাঠি শতাংশ পদ অসম চৰকাৰৰ গৃহ বিভাগে বিলোপ কৰাৰ বাতৰি পোৱাৰ পাছত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিয়ে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদ মেলত গৃহৰক্ষী জোৱানৰ চাকৰি নিয়ামীয়াকৰণ নকৰি কৰ্তন কৰিলে জংগী আন্দোলনৰ লগতে হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিয়ে সন্থাই।

উল্লেখ্য যে, অসমৰ প্ৰায় ২৫ হেজাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীয়ে বহু বছৰৰ পৰা চাকৰি নিয়ামীয়াকৰণ কৰা, বেতন বৃদ্ধি কৰা, পেঞ্চনৰ ব্যৱস্থা কৰা আদিকে ধৰি বিভিন্ন দাবীৰে আন্দোলন কৰি আহিছে। কিন্তু কিছুদিন পূৰ্বে অসম চৰকাৰে কৰ্ম বিৰতিত থকা এঘাৰ হেজাৰ গৃহৰক্ষীৰ ৬০ শতাংশ গৃহৰক্ষীৰ পদ বিলোপ কৰি তেওঁলোকৰ চাকৰিৰ নিয়ামীয়াকৰণ কৰাৰ পৰিৱৰ্তে কৰ্মহীন, পংগু কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিয়ে ।

সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিয়ে সংবাদমেল অনুষ্ঠিত কৰি কয় যে ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজ্যিক চৰকাৰৰ সকলো বিভাগৰ চাকৰি নিয়ামীয়াকৰণ কৰাৰ লগতে ৰাজ্যৰ আবাল, বৃদ্ধ, মহিলা, বিধৱা সকলোৰে আয়ৰ স্বাৰ্থত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। কেৱল ১৯৬২ চনৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত কৰ্মৰত গৃহৰক্ষী বাহিনী জোৱানসকলকহে বঞ্চিত কৰা হৈছে। ইয়াৰ দ্বাৰা চৰকাৰে আমাক পেটে ভাতে মৰাৰ পৰিকল্পনা কৰিছে। অসমৰ গৃহ বিভাগে এছি ৰূমত বহি এনে চৰম সিদ্ধান্ত লটলে আমি ইয়াক কেতিয়াও সহ্য নকৰো। আমি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আমাৰ লগত আলোচনা কৰি যিকোনো সিদ্ধান্ত লবলৈ আহ্বান জনাইছোঁ। নহলে আমি জংগী আন্দোলন, অস্ত্ৰ হাতত তুলি লবলৈ বাধ্য হম। গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ভাওৰাগুৰীত এক সংবাদ মেল অনুষ্ঠিত কৰি সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জীতেন চন্দ্ৰ বৰ্মনে এনেদৰে কয়।

সংবাদ মেলত সংস্থাটোৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বৰহান কাজিয়ে কয় যে বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ, উগ্ৰপন্থীৰ লগত সন্মূখ সমৰত যুদ্ধ কৰা, কোৰোণা মহামাৰীৰ প্ৰতিকুল সময়ত সন্মুখৰ পৰা কৰ্তব্য পালন কৰা, নিৰ্বাচন আদিকে ধৰি বিভিন্ন বিপদসংকুল পৰিস্থিতিত আমাৰ দেশৰ আইন ব্যৱস্থাৰ স্বাৰ্থত আমি নিজৰ জীৱন তুচ্ছ কৰি নিষ্ঠা সহকাৰে কাম কৰি আছোঁ। আমাৰ বিভিন্ন দাবী সমূহ যেনে চাকৰি নিয়ামীয়াকৰণ কৰা, বেতন বৃদ্ধি কৰা, পেঞ্চনৰ ব্যৱস্থা কৰা পূৰণ নকৰি যদি আমাৰ চাকৰি কৰ্তন কৰে, তেনেহলে আমি সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাই জংগী আন্দোলনৰ গঢ়ি তুলিবলৈ বাধ্য হ’ম।
Published by:Manjumoni Borah
First published: