মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মহত্যা কৰিলে গৃহৰক্ষী জোৱানে। থ্ৰী নট থ্ৰী ৰাইফলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে কৰ্তব্যৰত গৃহৰক্ষী জোৱানজনে। ৰণ্টু মেধি নামৰ গৃহৰক্ষী জোৱানজনে দেওবাৰে দুপৰীয়া কাৰ্যালয়টোত কোনো নথকাৰ সুযোগ লৈ এই ঘটনা সংঘটিত কৰে (Home Guard suicide case in Morigaon) ।
জোৱানজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। মৰিগাঁৱৰ সমীপৰ কাহিবাৰী নিৱাসী ৰণ্টু মেধিৰ এই কাণ্ডত কাৰ্যালয়ৰ সতীৰ্থ তথা পৰিয়ালৰ লোক স্তম্ভিত হৈ পৰে।
মেধিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|