• Home
  • »
  • News
  • »
  • assam
  • »
  • Home Guard Protest : ৰঙিয়াত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অনিৰ্দিষ্টকালীন আন্দোলন, নিৰ্বাচনত সহযোগ নকৰাৰ হুংকাৰ

Home Guard Protest : ৰঙিয়াত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অনিৰ্দিষ্টকালীন আন্দোলন, নিৰ্বাচনত সহযোগ নকৰাৰ হুংকাৰ

অসহযোগৰ সময়ত সমাগত বিধানসভা নিৰ্বাচনত অসমৰ সৰ্বমুঠ ২৭ হাজাৰ গৃহৰক্ষীয়ে সহযোগ আগনবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • Share this:
    ৰঙিয়াত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অনিৰ্দিষ্ট কাললৈ আন্দোলন। বছৰ বছৰ ধৰি বঞ্চিত হোৱাৰ প্ৰতিবাদত ১৮ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ গৃহৰক্ষী জোৱনসকলে অসহযোগ আন্দোলন আৰম্ভ কৰিছে।

    মূলতঃ চাকৰি নিয়মীয়াকৰণ, অনলাইন ডেপ্লয়মেণ্ট বন্ধ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সমান কামৰ সমান দৰমহা আদায়ৰ দাবী কৰিছে গৃহৰক্ষী জোৱানসকলে।

    বৰ্তমান গৃহৰক্ষী সকলৰ দৰমহা মাহত ৯ হাজাৰ টকা। অসহযোগৰ সময়ত সমাগত বিধানসভা নিৰ্বাচনত অসমৰ সৰ্বমুঠ ২৭ হাজাৰ গৃহৰক্ষীয়ে সহযোগ আগনবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ভোট বৰ্জনৰো সিদ্ধান্ত লৈছে গৃহৰক্ষী জোৱানসকলে।

    অসমৰ শান্তি-শৃংখলা বজাই ৰখাত এইসকল গৃহৰক্ষী জোৱানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যদিহে আগন্তুক বিধানসভা নিৰ্বাচনত এইসকল গৃহৰক্ষীয়ে অসহযোগ কৰে তেন্তে যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব বুলি আশংকা কৰা হৈছে।
    Published by:Sanjay Kumar Das
    First published: