মুখ্যপৃষ্ঠা » খবৰ

» অসম

»চিৰাঙৰ বিজনীত হোমগাৰ্ডৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ, কৰ্তব্য শেষ কৰি ঘৰলৈ ওভতাৰ পথত ঘপিয়াই হত্যা

চিৰাঙৰ বিজনীত হোমগাৰ্ডৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ, কৰ্তব্য শেষ কৰি ঘৰলৈ ওভতাৰ পথত ঘপিয়াই হত্যা

News18 Assam | News18-Assam
Updated:July 7, 2021, 8:03 AM IST
চিৰাঙৰ বিজনীত হোমগাৰ্ডৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ, কৰ্তব্য শেষ কৰি ঘৰলৈ ওভতাৰ পথত ঘপিয়াই হত্যা
চাইকেলসহ ৰক্তাক্ত অৱস্থাত জোৱানজনক প্ৰত্যক্ষ কৰি একাংশ লোকে আৰক্ষীক খবৰ দিয়ে৷

চাইকেলসহ ৰক্তাক্ত অৱস্থাত জোৱানজনক প্ৰত্যক্ষ কৰি একাংশ লোকে আৰক্ষীক খবৰ দিয়ে৷

  • Share this:
চিৰাঙৰ বিজনীত চাঞ্চল্যকৰ ঘটনা। চোকা অস্ত্ৰৰে ঘপিয়াই দুৰ্বৃত্তই হত্যা কৰিলে গৃহৰক্ষী বাহিনীৰ জোৱানক। ৱাহেদ আলী(৩৫) নামৰ গৃহৰক্ষী বাহিনীৰ জোৱানজনে আন দিনৰ দৰে বিজনী থানাৰ পৰা কৰ্তব্য সামৰি চাইকেলৰে ঘৰলৈ গৈ আছিল৷ কিন্তু আদবাটতে কাচদহা নামৰ ঠাইত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰি জোৱানজনক হত্যা কৰে।

চাইকেলসহ ৰক্তাক্ত অৱস্থাত জোৱানজনক প্ৰত্যক্ষ কৰি একাংশ লোকে আৰক্ষীক খবৰ দিয়ে৷ ঘটনাৰ খবৰ পাই চিৰাং আৰু বঙাইগাঁও জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ ঘটনাস্থলীত উপস্থিত হয়। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে।

চিৰাঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে এয়া পৰিয়ালকেন্দ্ৰীক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে আমছুৱে।
Published by: Sanjay Kumar Das
First published: July 7, 2021, 8:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি