বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Assam Police: বোকাখাতত আইপিএছ বিষয়াই আক্ৰমণ কৰিলে গৃহৰক্ষী জোৱানক, আচৰণক লৈ ব্যাপক প্ৰতিক্ৰিয়া

Assam Police: বোকাখাতত আইপিএছ বিষয়াই আক্ৰমণ কৰিলে গৃহৰক্ষী জোৱানক, আচৰণক লৈ ব্যাপক প্ৰতিক্ৰিয়া

Assam Police: বোকাখাতত আইপিএছ বিষয়াই আক্ৰমণ কৰিলে গৃহৰক্ষী জোৱানক, আচৰণক লৈ ব্যাপক প্ৰতিক্ৰিয়া

গেট খোলাত বিলম্ব হোৱা বাবেই পাথৰ দলিয়াই অপদস্ত কৰে গৃহৰক্ষী জোৱানক

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

বোকাখাতত এগৰাকী আইপিএছ বিষয়াৰ অভব্য আচৰণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া ৰেণুকুন্তলা শীতল কুমাৰে এটি সামান্য কথাতে খড়্গহস্ত হৈ এগৰাকী গৃহৰক্ষী জোৱানক শাৰীৰিকভাৱে আক্ৰমণ কৰে। আইপিএছ বিষয়াগৰাকী আহোঁতে গেটখন খুলি দিয়াত কিছু পলম হোৱা বাবেই ৰাজু টাইদ নামৰ গৃহৰক্ষী জোৱানজনক শাৰীৰিকভাৱে অপদস্থ কৰে আইপিএছ বিষয়াগৰাকীয়ে।

বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া ৰেণুকুন্তলা চিতল কুমাৰে গৃহৰক্ষী জোৱানজনলৈ এটা শিলগুটি দলিয়াই দিয়াত আহত হয় গৃহৰক্ষী জোৱানজন। বুকুৰ তলত আঘাতপ্ৰাপ্ত ৰাজু টাইদক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ অনা হয়। জেএমচিএইচত চিকিৎসকে ৰাজু টাইদক চিকিৎসা আগবঢ়াই যাবলৈ‌ দিয়ে।

বিজ্ঞাপন

এগৰাকী আইপিএছ বিষয়াৰ এনে আচৰণে বোকাখাতৰ লগতে বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভুক্তভোগী ৰাজু টাইদে এই ঘটনাৰ এক তদন্তৰ জৰিয়তে উচিত ন্যায় প্ৰদান কৰাটো বিচাৰিছে।

“মই গেট ডিউটিত আছিলোঁ। গেটখন খোলাত কিছু পলম হোৱা বাবে এছডিপিঅ’ ছাৰে মোক অফিচলৈ মাতি নিয়ে আৰু মোক ধমকি দিয়ে। ইয়াৰ পিছতে তেওঁ মোৰ গালৈ পাথৰ এটা দলিয়াই দিয়ে। তাৰ পিছতো তেওঁ মোক আকৌ প্ৰহাৰ কৰিবলৈ আহে। এই ঘটনাৰ মই ন্যায় বিচাৰিছোঁ।” -ভুক্তভোগী গৃহৰক্ষী জোৱান ৰাজু টাইদে এনেদৰে কয়।

ইতিমধ্যে  আৰক্ষী সঞ্চালকপ্ৰধানে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে। যি সময়ত মুখ্যমন্ত্ৰী তথা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে জনসাধাৰণৰ প্ৰতি আৰক্ষীৰ ব্যৱহাৰ মাৰ্জিত হোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে, তেনে সময়তে এনে একাংশ আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডই জনসাধাৰণৰ মনত আৰক্ষীৰ প্ৰতি বিৰূপ মনোভাৱৰ সৃষ্টি কৰাত অৰিহণা যোগাইছে। এইক্ষেত্ৰত আৰক্ষীৰ শীৰ্ষ মহলে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন