• Home
  • »
  • News
  • »
  • assam
  • »
  • সত্‍ কামৰ সদায় দাম আছে! গৃহৰক্ষী জোৱান বৰছিং বে’ক কনিষ্টবল পদত নিযুক্তিৰ সিদ্ধান্ত কেবিনেটত

সত্‍ কামৰ সদায় দাম আছে! গৃহৰক্ষী জোৱান বৰছিং বে’ক কনিষ্টবল পদত নিযুক্তিৰ সিদ্ধান্ত কেবিনেটত

বৰছিং বে’ই ২১ জুনৰ নিশা এখন যাত্ৰীবাহী বাছত তালাচী চলাই ইঞ্জিনত লুকুৱাই অনা তিনি কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছিল।

বৰছিং বে’ই ২১ জুনৰ নিশা এখন যাত্ৰীবাহী বাছত তালাচী চলাই ইঞ্জিনত লুকুৱাই অনা তিনি কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছিল।

বৰছিং বে’ই ২১ জুনৰ নিশা এখন যাত্ৰীবাহী বাছত তালাচী চলাই ইঞ্জিনত লুকুৱাই অনা তিনি কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছিল।

  • Share this:
বৰছিং বে’ নামৰ হোমগাৰ্ডজনক কনিষ্টবল পদত নিযুক্তিৰ সিদ্ধান্ত। আজি অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। বৈঠকৰ অন্তত এই কথা সংবাদ মাধ্যমক জনায় মন্ত্ৰী পীযূষ হাজৰিকাই (Pijush Hazarika)।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কয়, ‘‘এটা ভাল খবৰ৷ কেইদিনমানৰ আগতে এটা ভাল খবৰ পাইছিলো৷ বৰছিং বে’ নামৰ হোমগাৰ্ডজনে সাহসেৰে ড্ৰাগছ ধৰিছিল৷ বৰছিং বে’ক কনিষ্টবল পদত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত।

উল্লেখযোগ্য যে আৰক্ষী সঞ্চালক প্ৰধান(DGP) ভাস্কৰজ্যোতি মহন্ত (Bhaskar Jyoti Mahanta)ও পুৰস্কৃত কৰিছিল কাৰ্বি আংলঙৰ গৃহৰক্ষী জোৱান বৰছিং বে’ (Borsing Bay)ক। ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰলোভন প্ৰত্যাখ্যান কৰি সততা আৰু নিষ্ঠাৰে এখন যাত্ৰীবাহী বাছৰ পৰা ১২ কোটি টকা মূল্যৰ ড্ৰাগছ(Drugs) জব্দ কৰা কাৰ্বি আংলং জিলাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ক বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এক লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও এখন প্ৰশংসা পত্ৰ প্ৰদান কৰিছিল।

আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই গৃহৰক্ষী জোৱান বে’ৰ সততা আৰু কৰ্তব্যনিষ্ঠাৰ ভূয়সী প্ৰশংসা কৰাৰ উপৰি জোৱানজনৰ এনে কাৰ্যই সমগ্ৰ বিভাগটোকে গৌৰৱান্বিত কৰা বুলি মন্তব্য কৰিছিল।

ইফালে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা দিনজোৰা বিশেষ কাৰ্যসূচীতো কাৰ্বি পৰিষদৰ তৰফৰ পৰা এইগৰাকী সত গৃহৰক্ষী জোৱানক এক লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়। গৃহৰক্ষী জোৱানজনৰ হৈ এই পুৰস্কাৰ গ্ৰহণ কৰে আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে।

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ ডিলাই থানাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ই ২১ জুনৰ নিশা এখন যাত্ৰীবাহী বাছত তালাচী চলাই ইঞ্জিনত লুকুৱাই অনা তিনি কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছিল। ড্ৰাগছ জব্দ কৰাৰ সময়ত বাছখনৰ চালকে গৃহৰক্ষী জোৱান জনক ধনৰ টোপোলা উপঢৌকন হিচাপে আগবঢ়াইছিল যদিও তেওঁ সেই প্ৰলোভন অগ্ৰাহ্য কৰি ড্ৰাগছখিনি জব্দ কৰি শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰিছিল ৷ লগে লগে শীৰ্ষ আৰক্ষী বিষয়া উপস্হিত হৈ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আটক কৰে বাছখনৰ চালকসহ দুগৰাকী মহিলাক ৷
Published by:Sanjay Kumar Das
First published: