ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত খাদ্য–সামগ্ৰীৰ হোম ডেলিভাৰী বয়, মহানগৰীত আটক ৩

News18 Assam | News18-Assam
Updated:June 7, 2021, 8:34 PM IST
ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত খাদ্য–সামগ্ৰীৰ হোম ডেলিভাৰী বয়, মহানগৰীত আটক ৩
মহানগৰীত পল্টন বজাৰ থানাৰ আৰক্ষীয়ে দক্ষিণ শৰণীয়াত অভিযান চলাই ধৰা পেলাই তিনি ড্ৰাগছ সৰবৰাহকাৰী।

মহানগৰীত পল্টন বজাৰ থানাৰ আৰক্ষীয়ে দক্ষিণ শৰণীয়াত অভিযান চলাই ধৰা পেলাই তিনি ড্ৰাগছ সৰবৰাহকাৰী।

  • Share this:

অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাই আছে অভিযান। কিন্তু ইয়াৰ মাজতে ড্ৰাগছৰ সৰবৰাহৰ ন ন কৌশল আৰু সৰবৰাহত জড়িত লোকৰ পৰিচয়ে হতভম্ব কৰি তুলিছে সকলোকে। আজি মহানগৰীত পল্টন বজাৰ থানাৰ আৰক্ষীয়ে দক্ষিণ শৰণীয়াত অভিযান চলাই ধৰা পেলাই তিনি ড্ৰাগছ সৰবৰাহকাৰী ব্ৰজেন দাস(২১), গায়ত্ৰী ৰয় (৪০), শুভংকৰ সৰকাৰক। তেওঁলোকৰ পৰা আৰক্ষীয়ে ৬ গ্ৰাম ব্ৰাউন ছুগাৰৰ ১৩টা কনটেইনাৰ জব্দ কৰে।


গুৰুত্বপূৰ্ণ কথা যে ব্ৰজেন দাস এটা খাদ্য যোগানীয়াৰ কোম্পানীত ডেলিভাৰী বয় ৰূপে কৰ্মৰত। সন্দেহ কৰা মতে, দাসে কোভিডৰ বাবে দিয়া সান্ধ্য আইনৰ সময়ছোৱাত খাদ্যৰ লগতে ড্ৰাগছো সৰবৰাহ কৰিছিল। আৰক্ষীয়ে বৰ্তমান আটাইৰে ঘৰত তালাচী চলাই আছে।

Published by: Gautam Barman
First published: June 7, 2021, 7:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি