কাৰ্বি স্বায়িত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত। যিকোনো মুহূৰ্তত কাৰ্বি স্বায়িত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব ৰাজ্যিক নিৰ্বাচন আয়োগে। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুয়োখন পাহাৰীয়া জিলাৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ছয় সংগঠনক লৈ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত স্বাক্ষৰিত হৈছে কাৰ্বি শান্তি চুক্তি।
এই কাৰ্বি শান্তি চুক্তিক লৈ অৱশ্যে বিতৰ্ক আৰু প্ৰতিবাদ অব্যাহত আছে। বিভিন্ন দল–সংগঠনে এই চুক্তিক সমৰ্থন কৰাৰ বিপৰীতে আন বহু সংগঠনে এই চুক্তিক ভেঁকোভাওনা আখ্যা দিয়ে। বৈঠালাংছ' বিধানসভা সমষ্টিৰ তিনিবাৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী হলিৰাম টেৰাঙেও এই চুক্তিখন সম্পৰ্কত বহুতো মন্তব্য আগবঢ়ায়।
কাৰ্বি পাহাৰৰ একালৰ বলিষ্ঠ নেতা হলিৰাম টেৰাঙৰ মতে কাৰ্বি শান্তি চুক্তি সম্পাদিত হোৱাৰ পূৰ্বে সংগঠনকেইটাৰ সৈতে এবাৰ হ'লেও আলোচনাৰ প্ৰয়োজন আছিল। ইফালে পৰিষদত মনোনীত হ'বলগীয়া ছয় গৰাকী সদস্য আৰু দহটা সমষ্টি মুকলি ৰখাক লৈও অসন্তুষ্ট হলিৰাম টেৰাং।
PDCKৰ মুৰব্বী সংবিজিৎ ইংতি কাথাৰে কাৰ্বি শান্তি চুক্তিত কিয় স্বাক্ষৰ নকৰিলে বুলি প্ৰশ্ন কৰে হলিৰাম টেৰাঙে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত সাক্ষৰিত চুক্তিত সংবিজিত ইংতি কাথাৰ উপস্থিত থাকিও সাক্ষৰ নকৰাটো ৰহস্যজনক বুলি কয় হলিৰাম টেৰাঙে।
প্ৰাক্তন মন্ত্ৰী হলিৰাম টেৰাঙৰ মন্তব্যক উভতি ধৰে বোকাজান বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে। ডাঃ নোমল মমিনৰ মতে কাৰ্বি শান্তি চুক্তিক লৈ অযথা বিতৰ্ক কৰিছে হলিৰাম টেৰাঙে।
৬ মনোনীত সদস্য আৰু দহটা সমষ্টি মুকলি থকাক লৈ হলিৰাম টেৰাঙে কৰা মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ডাঃ নোমল মমিনে। ৪ ছেপ্টেম্বৰত চুক্তি সম্পাদিত হৈছে যদিও সংসদত গৃহীত হ'বলৈ এতিয়াও বাকী আছে। পূৰ্বেও বহুবাৰ চুক্তি কৰিও ন্যায় পোৱা নাই পাহাৰীয়া লোকসকলে। তেনেক্ষেত্ৰতে এইবাৰৰ কাৰ্বি শান্তি চুক্তিক লৈ সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই ৰৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|