বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত আজি অনুষ্ঠিত'মুকলি পথত হোলীগীত' শীৰ্ষক এই প্ৰতিযোগিতা উপভোগ কৰিবলৈ আজি লোকে লোকাৰণ্য হৈ পৰে সত্ৰ নগৰী বৰপেটাৰ বাট-পথ ৷
বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত আজি অনুষ্ঠিত'মুকলি পথত হোলীগীত' শীৰ্ষক এই প্ৰতিযোগিতা উপভোগ কৰিবলৈ আজি লোকে লোকাৰণ্য হৈ পৰে সত্ৰ নগৰী বৰপেটাৰ বাট-পথ ৷
সত্ৰনগৰী বৰপেটাৰ বাটে ঘাটে এতিয়া কেবল হোলীগীতৰ গুঞ্জন ৷ বৰপেটাৰ আকাশ-বতাহত মাথো হোলীগীতৰেই গুঞ্জন ৷ চৌদিশ জুৰি ধ্বনিত হৈছে কেবল হোলীগীতৰ অমিয়া সুৰ ৷ মন প্ৰাণ হৰি নিয়া হোলীগীতৰ গুঞ্জনত মুখৰিত সত্ৰনগৰীৰ আকাশ, বৰপেটাৰ বতাহ ৷
দৌল মহোৎসৱ উপলক্ষে বুধবাৰে পুৱাৰ পৰাই উখল-মাখল সত্ৰনগৰী বৰপেটা ৷ আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দ্বিতীয় বৈকুণ্ঠপুৰী, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ দৌল মহোৎসৱ উপলক্ষে আজি পুৱাৰ পৰাই বৰপেটা সত্ৰত আৰম্ভ হৈছে এক উখল-মাখল পৰিবেশ ৷ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰিছে বৰপেটা সত্ৰত ৷
ইপিনে বৰপেটাৰ ৰাইজিং ক্লাবৰ উদ্যোগত আজি অনুষ্ঠিত হয় এক ব্যতিক্ৰমী হোলীগীত প্ৰতিযোগিতা ৷ 'মুকলি পথত হোলীগীত' শীৰ্ষক এই প্ৰতিযোগিতা উপভোগ কৰিবলৈ আজি লোকে লোকাৰণ্য হৈ পৰে সত্ৰ নগৰী বৰপেটাৰ বাট-পথ ৷ আজি পুৱা বৰপেটা সত্ৰৰ দালানৰ সন্মুখত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে হোলীগীত প্ৰতিযোগিতা উদ্বোধন কৰাৰ পিছতেই এটাৰ পিছত আনটো হোলীগীতৰ দলে বাটে বাটে হোলীগীত গাই কৃষ্ণ প্ৰেমৰ বন্দনাৰে মুখৰিত কৰি তোলে বৰপেটা ধাম ৷ বাটে বাটে হোলীগীত প্ৰতিযোগিতাৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰে জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি, আৰু জনপ্ৰিয় কণ্ঠ শিল্পী ৰাকেশ ৰিয়ান ৷
ইয়াৰ পূৰ্বে বুঢ়াসত্ৰীয়াগৰাকীয়ে বৰপেটাৰ এনাজৰীয়ে প্ৰকাশ কৰি উলিওৱা বৰপেটাৰ দেউল শীৰ্ষক এখন হোলী বিষয়ক সংকলন উন্মোচন কৰে ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত আৰম্ভ হোৱা মুকলি পথত হোলীগীত প্ৰতিযোগীতা উদ্বোধনৰ পিছতে হোলীগীত প্ৰতিযোগীতাত অংশগ্ৰহণকাৰী দলসমূহে বাটে বাটে হোলী গীত পৰিবেশন কৰি বৰপেটা চহৰৰ মুল পথ পৰিভ্ৰমণ কৰি বৰপেটা প্ৰেছ ক্লাবত উপস্থিত হয় ৷ এই সময়চোৱাত বৰপেটাৰ ৰাজপথত সৃষ্টি হয় এক অনন্য মন-প্ৰাণ উতলা কৰি তোলা পৰিবেশৰ ৷ ইপিনে অভিনেত্ৰী ভ্ৰান্তি মেধি আৰু কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে বাটে বাটে হোলীগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|