ৰঙৰ উৎসৱ ফাকুৱা তথা দৌল যাত্রা উপলক্ষে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছে। আজি এক বিবৃতিযোগে মুখ্যমন্ত্রীয়ে কয় যে ভাৰতীয় আধ্যাত্মিক জীৱনধাৰাত উৎসৱ-পাৰ্বণসমূহে সমাজ ব্যৱস্থাক সু-শৃংখলিতভাৱে আগুৱাই নিয়াৰ দিশত এক চালিকা শক্তিৰ ৰূপত অৱতীৰ্ণ হৈ আহিছে। প্রাচীন কালত ভাৰতবৰ্ষত উদযাপন কৰা মদনোৎসৱে ফাগুনৰ প্ৰকৃতিৰ ৰূপৰ সৈতে মানৱীয় জীৱনধাৰাক একাত্ম কৰি তুলিছিল। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱ আয়োজন কৰি কৃষ্ণ ভক্তিৰ প্ৰৱাহ বোঁৱাই দিয়াৰ লগতে আধ্যাত্মিক সংস্কৃতিৰ দিশত নৰোন্মেষৰ সূচনা কৰে।
ভাৰতীয় সনাতন সংস্কৃতিত ফাকুৱাৰ এক বিশেষ মহত্ব আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, "এই উৎসৱ পালনৰ জৰিয়তে আমাৰ বৰ্ণিল সাংস্কৃতিক তথা আধ্যাত্মিক জীৱনশৈলী অধিক সমৃদ্ধ হৈ পৰিব।" ইয়াৰোপৰি, মুখ্যমন্ত্ৰীয়ে কয় যে এই উৎসৱ পালনৰ জৰিয়তে সমাজত সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী হৈ উঠিব। মুখ্যমন্ত্রীয়ে আশাপ্রকাশ কৰে যে ৰঙৰ উৎসৱ ফাকুৱা পালনে সকলোকে একতা, শান্তি আৰু সহাৱস্থানৰ জৰিয়তে আগুৱাই যাবলৈ উদগণি যোগাব।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 07, 2023, 15:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।