কোভিড মহামাৰীৰ বাবে প্ৰায় দুটা বছৰ প্ৰায় সকলো ধৰণৰ উৎসৱ-পাৰ্বন উদযাপনৰ পৰা বিৰত আছিল দেশবাসী। কোৰোণো পৰিস্থিতি প্ৰায় স্বাভাৱিক হোৱাৰ পিছত প্ৰথমবাৰলৈ এইবাৰ অতি উলহ-মালহেৰে হোলি উদযাপন কৰিলে দেশবাসীয়ে। ব্যতিক্ৰম নহ'ল অসমবাসীও।
গুৱাহাটীবাসীও এইবাৰ মতলিয়া হৈ পৰিল হোলিৰ আনন্দত।ইজনে সিজনক ৰং লগাই, ডান্স কৰি ফুৰ্তি কৰিলে সকলোৱে। পিছে হোলিৰ দিনটোত আন এক অভিলেখো ৰচিলে গুৱাহাটীবাসীয়ে। গুৱাহাটীত এইবাৰ সুৰা বিক্ৰীৰ ক্ষেত্ৰত বিশেষ অভিলেখ। হোলিৰ দুদিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ'ল ৪ কোটি ৭০ লাখ টকাৰ সুৰা।
ইফালে হোলিৰ দুদিনত গুৱাহাটীত যান-বাহন আৰক্ষীয়েও তীব্ৰতৰ কৰিছিল নিজৰ অভিযান। মুখত পাইপ ভৰাই সুৰা সেৱন নকৰাৰ প্ৰমাণ দিবলগীয়া হৈছিল বহু বাইক আৰোহীয়ে। উৎসৱ বুলিলেই সুৰাৰ ৰাগিত মাতাল হৈ পৰা একাংশ লোক দুৰ্ঘটনাতো পতিত হৈছিল। আৰক্ষীৰ এনে কঠোৰ স্থিতিৰ পিছতো সুৰা বিক্ৰীৰ অভিলেখে চকু কঁপালত তুলিছে সৰ্ব-সাধাৰণৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|