আজি বৰপেটাৰ বিখ্যাত দৌল যাত্ৰাৰ সুৱেৰী। পৰম্পৰাগত হোলীগীত আৰু ঘোষা কীৰ্তনেৰে মুখৰিত হৈছে সত্ৰনগৰী। বৰপেটাবাসীৰ মনত অপাৰ উছাহ।
আজি ৰঙে-ৰসে একাকাৰ হৈছে সত্ৰনগৰী বৰপেটা। বৰপেটাৰ বিখ্যাত দৌল যাত্ৰাৰ আজি সুৱেৰী। আবিৰৰ ৰং আৰু হোলীগীতৰ মধুৰ গুঞ্জৰত মুখৰিত সত্ৰনগৰী।
আজি ৰঙে-ৰসে একাকাৰ হৈছে সত্ৰনগৰী বৰপেটা। বৰপেটাৰ বিখ্যাত দৌল যাত্ৰাৰ আজি সুৱেৰী। আবিৰৰ ৰং আৰু হোলীগীতৰ মধুৰ গুঞ্জৰত মুখৰিত সত্ৰনগৰী।
- News18 Assam
- Last Updated: March 29, 2021, 9:29 AM IST
আজি দৌলত তোলা হ'ব কলিয়া গোসাইক। গন্ধৰ দিনা দৌলৰ পৰা নমাই অনা কলিয়া গোসাইক আজি মহা আড়ম্বৰৰ সৈতে তোলা হ'ব দৌলত। ঘুনুচা কীৰ্তন কৰি গোসাইক হেকেতা খুওৱাৰ পিছতে তোলা হ'ব দৌলত।
গোসাইক দৌলত তোলাৰ পূৰ্বে হ'ব বিখ্যাত বাঁহ ভঙা উৎসৱ। এই বাহ ভঙা উৎসৱ সম্পন্ন নোহোৱালৈ কলিয়া গোসাইক দৌলত তুলিব নোৱাৰে।