আজি ৰঙে-ৰসে একাকাৰ হৈছে সত্ৰনগৰী বৰপেটা। বৰপেটাৰ বিখ্যাত দৌল যাত্ৰাৰ আজি সুৱেৰী। আবিৰৰ ৰং আৰু হোলীগীতৰ মধুৰ গুঞ্জৰত মুখৰিত সত্ৰনগৰী।
আজি ৰঙে-ৰসে একাকাৰ হৈছে সত্ৰনগৰী বৰপেটা। বৰপেটাৰ বিখ্যাত দৌল যাত্ৰাৰ আজি সুৱেৰী। আবিৰৰ ৰং আৰু হোলীগীতৰ মধুৰ গুঞ্জৰত মুখৰিত সত্ৰনগৰী।
বৰপেটা সত্ৰত আজি পালন কৰা হৈছে দৌল উৎসৱৰ সুৱেৰী। তিনিদিন ধৰি দৌল উৎসৱৰ আনন্দত মুখৰিত হৈ আছে সত্ৰনগৰী বৰপেটা। আবিৰৰ ৰং আৰু পৰম্পৰাগত হোলীগীত আৰু ঘোষা কীৰ্তনৰ মধুৰ গুঞ্জনত বৰপেটাৰ আকাশ বতাহ মুখৰিত হৈ আছে।
আজি দৌলত তোলা হ'ব কলিয়া গোসাইক। গন্ধৰ দিনা দৌলৰ পৰা নমাই অনা কলিয়া গোসাইক আজি মহা আড়ম্বৰৰ সৈতে তোলা হ'ব দৌলত। ঘুনুচা কীৰ্তন কৰি গোসাইক হেকেতা খুওৱাৰ পিছতে তোলা হ'ব দৌলত।
গোসাইক দৌলত তোলাৰ পূৰ্বে হ'ব বিখ্যাত বাঁহ ভঙা উৎসৱ। এই বাহ ভঙা উৎসৱ সম্পন্ন নোহোৱালৈ কলিয়া গোসাইক দৌলত তুলিব নোৱাৰে।
বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল যাত্ৰা চাবলৈ অসমৰে নহয় দেশৰো বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমন ঘটিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|