অসমৰ বৰ্তমান সাংস্কৃতিক জগতখনৰ এক চিনাকি নাম কণ্ঠশিল্পী দীপলিনা ডেকা। কেইবাটাও জনপ্ৰিয় গীত উপহাৰ দি জয় কৰিছে অনুৰাগীৰ মন। সংগীত ক্ষেত্ৰখনৰ লগতে সামাজিক মাধ্যমতো খুউবেই সক্ৰিয় দীপলিনা ডেকা।
সামাজিক মাধ্যম যোগে দীপলিনা ডেকাই শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো। ফটোখনত একেখন মঞ্চতে দীপলিনা ডেকাৰ সৈতে দেখা গৈছে যুৱপ্ৰজন্মৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক। কিন্তু ক'ত কিয় এই ফটো? চাওক দীপলিনা ডেকাৰ এই পোষ্টটোঃ
আচলতে, বৰপেটাৰ দৌল উৎসৱত দেখা হৈছে এই দুয়োগৰাকীক। দীপলিনা ডেকাই ফটোখন শ্বেয়াৰ কৰি লিখিছে যে "দৌল উৎসৱ", লগতে স্থান 'বৰপেটাৰ কীৰ্তন ঘৰ' বুলি উল্লেখ কৰিছে।
Published by: Subham Goswami
FIRST PUBLISHED : March 07, 2023, 06:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।