পাৰ ভঙা উচাহত সীমা নাই বৰপেটাবাসীৰ ৷ নাম কীৰ্ত্তন, গায়ন বায়নেৰে উখল মাখল সত্ৰনগৰী বৰপেটা ৷ আবিৰৰ ৰঙত ৰঙীন বৰপেটাৰ আকাশ বতাহ ৷ কলীয়া মহাপ্ৰভুক ফাকুৱা দিয়াৰ পিছতে মঙ্গলবাৰৰ দিনটোত আবিৰ ল'লে ভক্তই ৷
মহাপুৰুষীয়া ৰীতি নীতি অক্ষুন্ন ৰাখি চাৰিদিনীয়া কাৰ্য্যসূচীৰে এইবাৰ অনুষ্ঠিত হৈছে ডেকা দেউল ৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা দৌল মহোৎসৱৰ এইবাৰ দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ভৰদেউল ৷ সেয়ে জগমোহন গৃহত কলীয়া গোহাই, দৌল গোবিন্দ মহাপ্ৰভুক ফাকুৱা দিয়াৰ লগতে প্ৰাৰ্থনা কৰাৰ সুযোগ পাইছে ভক্তপ্ৰাণ ৰাইজে ৷ সেয়ে মঙ্গলবাৰে নিশালৈ দেখা গ'ল বৰপেটা সত্ৰত বীৰ দি বাট নপোৱা অৱস্থা ৷ ভিন্ন প্ৰান্ত হাজাৰ হাজাৰ ভক্ত উপস্থিত হৈছে সত্ৰত ৷ একেদৰে বুধবাৰৰ দিনটোত অধিক ভক্তৰ আগমনৰ আশা কৰিছে বৰপেটাবাসীয়ে ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 07, 2023, 22:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।