এজন কিশোৰৰ ৰহস্যজনক মৃত্যুক লৈ হোজাই জিলাত সৃষ্টি হৈছে চাঞ্চল্যৰ। জানিব পৰা মতে, জিলাখনৰ ষ্টেচন ৰোডৰ দীপক সিং নামৰ লোকজনৰ ঘৰত বনকৰা যুৱক হিচাপে কৰ্মৰত আছিল ৰামপুৰ বস্তিৰ আকাশ পাচোৱান নামৰ কিশোৰজন।
বুধবাৰে কিশোৰজনক গৃহস্থৰ ঘৰৰ সমীপত অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ পিছত অভিভাৱকে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আৰু তেতিয়াই কিশোৰজনৰ অভিভাৱক আৰক্ষীৰ কাষ চাপে।
ৰহস্যজনক ঘটনাটো আৰক্ষীক অৱগত কৰাৰ পিছত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি মৃতদেহ মৰুণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। কিন্তু এই পৰ্যন্ত কিশোৰজনৰ মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই।
ইপিনে মৃত কিশোৰটিয়ে প্ৰায়েই অধিক নিচা সেৱন কৰিছিল বুলি ঘৰটোৰগৰাকী দিপক সিঙে আৰক্ষীক জনাইছে। এই ঘটনাই এতিয়া সৰ্বত্ৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|