হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত শিংগিৰপাৰ গাঁৱত যোৱা ২৫ জুন তাৰিখে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা৷ ডবকাৰ শিংগিৰপাৰৰ এগৰাকী বিবাহিতা মহিলা পিতৃগৃহৰ পৰা পুৱা নীলবাগানৰ ভেকচিন কেন্দ্ৰলৈ যোৱাৰ বাটৰ পৰা সন্ধানহীন হয়৷ ঘটনা সংক্ৰান্তত মোৰাঝাৰ থানাত মহিলাগৰাকীৰ পিতৃয়ে গোচৰ তৰাৰ পিছতে হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰা, উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰি লাভ কৰে কিছু তথ্য৷
জম্মু–কাশ্মীৰৰ জম্মুত বাস কৰা এজন যুৱকে মহিলাগৰাকীগৰাকীক ফুচলাই জম্মুলৈ নিয়াৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিছতে মহিলাগৰাকীগৰাকী নাৰীদেহ চক্ৰৰ জালত পৰা বুলি আৰক্ষী নিশ্চিত হয়৷ তাৰ পিছতে হোজাই আৰক্ষীয়ে জম্মু আৰক্ষীৰ লগত যোগাযোগ কৰাত জম্মু আৰক্ষীয়ে জম্মুৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকী৷ মোৰাঝাৰ আৰক্ষীৰ তিনিজনীয়া এটা দল জম্মুত উপস্থিত হৈ চমজি লয় মহিলাগৰাকী৷ শুকুৰবাৰে আৰক্ষীয়ে যুৱতীগৰাকীক লৈ উপস্থিত হয় হোজাইত৷
আৰক্ষীয়ে লাভ কৰা তথ্য মতে, জম্মুৰ এজন যুৱকে ফোনযোগে প্ৰলোভন দি মহিলাগৰাকীক লৈ যায় জম্মুলৈ৷ হোজাই আৰক্ষীৰ তৎপৰতাত জম্মু আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীক৷ ইফালে জম্মুত অভিযান চলোৱাৰ সময়তে যুৱকজনে পলায়ন কৰে৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে৷
ইফালে আদালতত উপস্থিত হৈ মহিলাগৰাকীয়ে প্ৰদান কৰে চাঞ্চল্যকৰ ভাষ্য৷ বিদেশত কৰ্মৰত মহিলাগৰাকীৰ স্বামীয়ে ফোনযোগে দ্বিতীয় বিবাহ কৰাৰ ভাবুকি দিয়াৰ বাবেই মহিলাগৰাকীয়ে জম্মুলৈ নিজ ইচ্ছামতে পলায়ন কৰা বুলি স্বীকাৰোক্তি দিয়ে। মহিলাগৰাকীৰ ভাষ্যই এতিয়া সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।