হোজাইত কঠোৰ আৰক্ষী । ঈদৰ দিনা মাক্স নিপিন্ধা লোকৰ মাজত মাক্স বিতৰণ, একাংশক বিহিলে জৰিমনা ।
হোজাইত কঠোৰ আৰক্ষী । ঈদৰ দিনা মাক্স নিপিন্ধা লোকৰ মাজত মাক্স বিতৰণ, একাংশক বিহিলে জৰিমনা ।
হোজাই জিলাত ক্ৰমবৰ্ধমান ক'ভিড-১৯ আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসম চৰকাৰৰ শেহতীয়া নিৰ্দেশ মৰ্মে হোজাই জিলাৰ জিলা দণ্ডাধীশ তথা জিলা দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ ডাঃ সদনেক সিঙে হোজাই জিলাত যান বাহন চলা-চলৰ ক্ষেত্ৰত এক কঠোৰ আদেশ জাৰি কৰিছে। এই আদেশ অনুসৰি বাহনসমূহ যুগ্ম- অযুগ্ম ফৰ্মূলাত পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈ চলা-চল কৰিব পাৰিব। এই ব্যৱস্থা অনুযায়ী বাহন পঞ্জীয়ন নম্বৰৰ শেষ অযুগ্ম সংখ্যা ১, ৩, ৫, ৭ আৰু ৯ৰ লগত অযুগ্ম তাৰিখ ইংৰাজী ১৫, ১৭, ১৯, ২১, ২৩, ২৫, ২৭ আৰু ২৯ মে' ২০২১ তাৰ বিপৰীতে বাহন পঞ্জীয়ন নংৰ শেষ যুগ্ম সংখ্যা যেনে ০, ২, ৪, ৬, ৮ ৰ লগত যুগ্ম তাৰিখ ইংৰাজী ১৪, ১৬, ১৮, ২০, ২২, ২৪, ২৬, ২৮ আৰু ৩০ মে' ২০২১ তাৰিখ এই পদ্ধতিত চলা-চল কৰিব।
অৱশ্যে এই ব্যৱস্থাৰ পৰা জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাত নিয়োজিত যান বাহন সমূহ ৰেহাই দিয়া হৈছে। এই আদেশ ইংৰাজী ১৩ মে' ২০২১ তাৰিখৰ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব।
আনহাতে আজি পৱিত্ৰ ঈদ উল ফিটৰ উপলক্ষে আৰক্ষী কঠোৰ হোৱা পৰিলক্ষিত হয়। ঈদৰ দিনাই চৰকাৰে জাৰি কৰা নীতি নিয়মক ভেঙুচালি কৰি একাংশ লোক বজাৰলৈ আহে যদিও কঠোৰ হৈ পৰে হোজাই জিলা আৰক্ষী। বজাৰলৈ ওলাই অহা একাংশৰ মুখত নাই মাক্স, নাই কোনো সামাজিক দূৰত্ব৷ যাৰ বাবে নীলবাগানত ঈদৰ দিনাই আৰক্ষী কঠোৰ হবলগীয়া হয়৷ আৰক্ষীয়ে মাক্স নিপিন্ধা লোকসকলক জৰিমনা বিহি সকলোকে ক'ৰোণাৰ বাবে সাৱধান হ'বলৈ আহ্বান জনায়৷ ইফালে মাক্স নিপিন্ধা লোকসকলক জৰিমণা বিহাৰ লগতে আৰক্ষীয়ে ঈদ উপলক্ষে একোখনকৈ মাক্স উপহাৰ দিয়ে সকলোকে৷ নীলবাগান আৰক্ষী পহৰা চকীৰ এচ আই সুৰজ দত্তৰ এই পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে৷ ডবকা, মোৰাঝাৰ, হোজাই, লংকা, লামডিঙতো দিনটোত আৰক্ষী কঠোৰ হোৱা পৰিলক্ষিত হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|