• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত হোম কোৱাৰেণ্টেইনত থকা তিনিজনৰ দেহত কোৰোণাৰ অৱস্থিতি

হোজাইত হোম কোৱাৰেণ্টেইনত থকা তিনিজনৰ দেহত কোৰোণাৰ অৱস্থিতি

হোজাইত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা

হোজাইত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা

হোজাইত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা

  • Share this:
হোজাইত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। চলন্ত ৰেলৰ চেইন টানি সন্দেহযুক্ত কোৰোণাত আক্রান্তই পলায়ন কৰাৰ চাঞ্চল্যৰ মাজতে কোৰোণাত আক্ৰান্ত ৰোগীক লৈ হোজাইত আতংকৰ সৃষ্টি হৈছে। উল্লেখ্য যে, মঙলবাৰে হোজাইৰ হোম কোৱাৰেণ্টাইনত থকা তিনিজন লোক কোৰোণাত আক্রান্ত বুলি চিনাক্ত কৰা হৈছিল। সেই কেইজন হ’ল ক্ৰমে হোজাইৰ  কৃষ্ণ নগৰৰ ২৪ বছৰীয়া সূৰ্যমণি দলৈ , নীলবাগানৰ সমীপৱৰ্তী পশ্চিম  জয়ন্তীয়া বস্তিৰ মনছাদ আলম আৰু বদৰুল আলম।

এই যুৱক কেইজন কিছুদিন আগতে মুম্বাইৰ পৰা আহিছিল আৰু হোজাই জিলা প্ৰশাসনে হোজাই চহৰৰ তাজমহল হোটেলত কোৱাৰেণ্টাইন কৰি ৰাখিছিল ৷ তাত থকাৰ সময়ত তেওঁলোকৰ শ্বোৱাব পৰীক্ষাৰ ফলাফল নহাত জিলা প্ৰশাসনে যোৱা  সোমবাৰে হোম কোৱাৰেন্টাইণত কৰিছিল তেওঁলোকক ৷

কিন্তু মঙলবাৰে তেওঁলোকৰ শ্বোৱাব পৰীক্ষাৰ ফলাফলত  কোৰোণাত আক্ৰান্ত বুলি নিশ্চিত কৰা হয় আৰু ততাতৈয়াকৈ স্বাস্থ্য বিভাগে আৰক্ষীৰ সহযোগত নগাঁৱলৈ প্ৰেৰণ কৰে। ইফালে হোজাইৰ কৃষ্ণ নগৰৰ সূৰ্যমণি দলৈ নামৰ  কোৰোণাত আক্ৰান্ত যুৱকজনক লৈ কৃষনগৰৰ লগতে হোজাইৰ পুৰণা বজাৰত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। সাতদিন হোটেলত কোৱাৰেন্টাইণত থকাৰ অন্তত যোৱা সোমবাৰে নিজ ঘৰলৈ অহা সূৰ্যই প্ৰশাসনৰ কোনো নিয়ম মনা নাছিল বুলি অভিযোগ উঠিছে।

অভিযোগ মতে,যুৱকজন হোম কোৱাৰেন্টাইণত থাকিব লাগিছিল যদিও সেয়া তেওঁ অমান্য কৰি যোৱা দুদিনত বিভিন্ন স্থান ভ্ৰমণ কৰিছিল। বিভিন্ন বন্ধুক সাক্ষাৎ কৰিছিল, পুৰণা বজাৰত বিভিন্ন সামগ্ৰীও ক্ৰয় কৰিছিল। যুৱকজনৰ এই কাণ্ডক লৈ বৰ্তমান কৃষ্ণনগৰৰ তেওঁ ভ্ৰমণ কৰে অঞ্চলত এক  আতংকময় পৰিবেশৰ সৃষ্টি হৈছে ।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি