হোজাই নীলবাগানৰ এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস। কোভিডৰ সময়ত ঘৰে ঘৰে গৈ ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ বুজ লৈছে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে৷ সমগ্ৰ দেশতে কোভিড অতিমাৰীৰ ভয়ানক পৰস্থিতিৰ সময়ত হোজাইৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাৰ নেতৃত্বত বিদ্যালয়খনৰ শিক্ষকসকলে এক ব্যতিক্ৰমী প্রয়াস হাতত লোৱা দেখিবলৈ পোৱা গৈছে।
বিদ্যালয়খনৰ অধ্যক্ষ সমন্বিতে শিক্ষক গোটে অনলাইন শিক্ষা চলাই যোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ প্ৰয়োজনীয় শৈক্ষিক সহায় আগবঢ়োৱাৰ লগতে নিজৰ পকেটৰ ধনেৰে দুখীয়া ছাত্ৰ-ছাত্ৰীক মোবাইল ৰিচাৰ্জ কৰি দিয়া কাৰ্যত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষক গোটক ধন্যবাদ জনায়।
এই ক্ষেত্ৰত বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচাৰত তেখেতে কয়, আমি আমাৰ কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ সদায় যত্ন কৰো আৰু ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ শৈক্ষিক আৰু মানসিক সহায় আগবঢ়োৱাটো নিজ কৰ্তব্য নিয়াৰিকৈ পালনৰ এক অংশ বিশেষ।
অনলাইন পাঠদান নিয়মীয়াকৈ অনুষ্ঠিত হৈ থকাৰ উপৰি আমাৰ এই কাৰ্যসূচীও অব্যাহত থাকিব। যিহেতু শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক এটা ত্ৰিভুজৰ তিনিটা কোণ আৰু তিনিওটা কোণ যেতিয়ালৈকে একত্ৰিত নহয় তেতিয়ালৈকে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা সম্পূৰ্ণ নহয়, সেয়েহে আমাৰ অভিযানত এই তিনিওটা কোণ একত্ৰিত হ’ব পাৰিছো আৰু এই অভিযানে আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিত এক চকুত লগা প্ৰভাৱ যে পৰিব সেয়া নিশ্চিত বুলি কয় অধ্যক্ষগৰাকীয়ে।
আজি বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞাৰ লগতে বিদ্যালয়ৰ অৰ্থনীতিৰ বিষয় শিক্ষক চিৰাজুল ইছলাম , ইংৰাজী শিক্ষক শ্বৰীফ উদ্দিন লস্কৰ , বিজ্ঞান শিক্ষক মুস্তাফা আল-আমিন বৰভূঞা আৰু অংক শিক্ষক মেহবুব হুছেইন চৌধুৰী উপস্থিত থাকে ।
এখন চৰকাৰী বিদ্যালয়ৰ এনে কাৰ্যক সচেতন মহলে শলাগ লয় ৷
ডবকাৰ পৰা আব্দুল হাকিম নিউজ 18
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|