• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাই জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি, শিক্ষানুষ্ঠানক লৈ উপায়ুক্তৰ নতুন নিৰ্দেশনা...

হোজাই জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি, শিক্ষানুষ্ঠানক লৈ উপায়ুক্তৰ নতুন নিৰ্দেশনা...

হোজাইত জিলা উপায়ুক্তৰ শিক্ষানুষ্ঠানক লৈ নিৰ্দেশনা, ষষ্ঠশ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫০ শতাংশ শিক্ষাৰ্থীৰে চলিব পাঠদান। একেদৰে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তো ৫০ শতাংশ শিক্ষাৰ্থীৰে চলিব পাঠদান।

  • Share this:
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাত নিতৌ বৃদ্ধি পাব ধৰিছে কোভিড সংক্ৰমিত  লোকৰ সংখ্যা। জিলাখনত কোভিড আক্ৰান্ত লোকৰ সংখ্যা ইতিমধ্যে দ্বিশতক হোৱাৰ  পথত। বৃহস্পতিবাৰে সন্ধিয়া জিলা তথ্য আৰু জনসংযোগ বিষয়াই জাৰি কৰা বিবৃতিৰ মতে জিলা খনত ১৯৩ গৰাকী লোক আক্ৰান্ত হৈছে কোভিডত।

হোজাই জিলাৰ আক্ৰান্তসকলৰ ভিতৰত ১৬২ গৰাকী লোক ঘৰুৱা পৰ্যবেক্ষণত থকাৰ বিপৰীতে নীলবাগান কোভিড চিকিৎসালয়ত ২১ গৰাকী ,গুৱাহাটী মেডিকেল কলেজত ৩ গৰাকী, কালাপাহাৰ  চিকিৎসালয়ত ৩ গৰাকী, নগাঁৱত ৩ গৰাকী আৰু গুড হেলঠ চিকিৎসালয়ত এগৰাকী লোক চিকিৎসাধীন হৈ আছে।ইপিনে জিলা খনত কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত জিলা উপায়ুক্তই শিক্ষানুষ্ঠানৰ বাবেও জাৰি কৰিছে আন এক নতুন নিৰ্দেশনা।

নিৰ্দেশনা অনুসৰি ষষ্ঠশ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫০ শতাংশ শিক্ষাৰ্থীৰে চলিব পাঠদান। একেদৰে মহাবিদ্যালয় আৰু বিশ্ব বিদ্যালয়তো ৫০ শতাংশ শিক্ষাৰ্থীৰে চলিব পাঠদান।অৱশ্যে পাঠদানৰ সময়সূচী শিক্ষানুষ্ঠান কৰ্তৃপক্ষই প্ৰস্তুত কৰাৰ লগতে শিক্ষানুষ্ঠানত প্ৰাতঃ সভা অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাত উল্লেখ কৰিছে।উক্ত নিৰ্দেশনাৱলী অহা ৮ মে' বা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কাৰ্যকৰী থাকিব বুলিও জিলা প্ৰশাসনে জাৰি কৰা  এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি