হোজাইত বেংকৰ ঋণ পৰিশোধ নকৰাৰ বাবে বালুহন্দৰ পদুমপুখুৰীস্থিত গনেশ দেৱনাথৰ মা কালি ৰাইচ মিলটো বেংক কৰ্তৃপক্ষই ছীল কৰিছে।উল্লেখযোগ্য যে বিগত ২০১৭ চনতে হোজাই SBI বেংকৰ পৰা ৭০ লাখ টকা ঋণ লৈছিল গণেশ দেৱনাথে ।

দেৱনাথে ৩০ লাখ টকা বেংকক পৰিশোধ কৰিছিল যদিও বাকী থকা ৪০ লাখ টকা বেংকক পৰিশোধ কৰা নাছিল। ফলত বেংকে গনেশ দেৱনাথক কেইবাবাৰো জাননী প্ৰেৰণ কৰিছিল। কিন্তু তেওঁ কোনো গুৰুত্ব প্ৰদান নকৰাত অৱশেষত বৃহস্পতিবাৰে হোজাই SBI বেংক কৰ্তৃপক্ষই মহামান্য আদালতৰ নিদেৰ্শ মৰ্মে লংকা আৰক্ষীৰ এটা দল লগত লৈ গণেশ দেৱনাথৰ পশ্চিম বালুহন্দৰ পদুমপুখুৰী স্থিত "মা কালি ৰাইচ মিল" নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো সম্পূৰ্ণ ৰূপে ছীল কৰি দিয়ে। লগতে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটো নিলাম কৰাৰ কথাও সদৰী কৰিছে বেংক কৰ্তৃপক্ষই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|