হোজাইত গৰ্ভৱতী মহিলাৰ ৰহস্যজনক মৃত্যু, স্বামীৰ বিৰুদ্ধে উঠিছে হত্যাৰ অভিযোগ

শুকুৰবাৰে সন্ধিয়া ঘৰৰ জলকীয়া বাগানৰ পৰা জলকীয়া চিঙাৰ বাবেও পত্নীক মাৰধৰ কৰিছিল স্বামী দিলীপে
শুকুৰবাৰে সন্ধিয়া ঘৰৰ জলকীয়া বাগানৰ পৰা জলকীয়া চিঙাৰ বাবেও পত্নীক মাৰধৰ কৰিছিল স্বামী দিলীপে
- News18 Assam
- Last Updated: July 18, 2020, 5:05 PM IST
ইফালে স্বামী দিলীপ কুমাৰৰ বিৰুদ্ধে উঠিছে পত্নীক হত্যা কৰাৰ অভিযোগ। পত্নীক হত্যা কৰি স্বামীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ আনিছে মৃতকৰ আত্মীয়ই।আত্মীয়ৰ অভিযোগ, স্বামী দিলীপে প্ৰায়েই মাৰপিট কৰে পত্নী ছোনিয়াক।
শুকুৰবাৰে সন্ধিয়া ঘৰৰ জলকীয়া বাগানৰ পৰা জলকীয়া চিঙাৰ বাবেও পত্নীক মাৰধৰ কৰিছিল স্বামী দিলীপে। আৰু ইয়াৰ পিছতে ঘৰত মহিলা গৰাকীৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ইতিমধ্যে মৃত গৰ্ভৱতী মহিলাৰ পৰিয়ালে স্বামী পৰিয়ালৰ বিৰুদ্ধে তৰিছে গোচৰ। সেইমতে আৰক্ষীয়েও ঘটনাৰ প্ৰকৃত তথ্য উদঘাটনৰ বাবে চলাই আছে তদন্ত।