ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে বৃহত্ পৰিমাণৰ ড্ৰাগছ। আটক কৰা হৈছে এই নিষিদ্ধ কাৰ্যৰ সৈতে জড়িত বহুজনক। শুকুৰবাৰে হোজাই জিলাৰ আম্লিপুখুৰী অঞ্চলত আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলায়।
গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আৰক্ষীয়ে চলোৱা এই অভিযান জব্দ কৰা হয় বৃহত্ পৰিমাণৰ ব্ৰাউন চুগাৰ। অতিৰিক্ত আৰক্ষী অধীক্ষক পঞ্জীত দুৱৰাৰ নেতৃত্বত আব্দুল ৱাহিদ নমাৰ এজন লোকৰ ঘৰত চলোৱা হৈছিল এই অভিযান।
অভিযানত আৰক্ষীয়ে জব্দ কৰিছে ব্ৰাউন চুগাৰ ভৰ্তি ৬৪ টা কণ্টেনাৰ,আৰু ৩৫ খালী কণ্টেনাৰ। লগতে গ্ৰেপ্তাৰ কৰিছে আব্দুল ৱাহিদৰ পত্নী মণি ওৰফে আছিয়া বেগমক। কিন্তু আৰক্ষী অহাৰ খবৰ পাই ঘৰৰ পৰা পলায়ন কৰে অভিযুক্ত আব্দুল ৱাহিদে। ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ী ৱাহিদৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|