ৰাজ্য কঁপাই যোৱা উদালি কাণ্ডৰ চার্জশ্বীট দাখিল কৰিবলৈ সাজু হৈছে হোজাই আৰক্ষী।অতি ক্ষীপ্ৰতাৰে কম সময়ৰ ভিতৰত ঘটনাৰ তদন্ত কৰি এমাহ নৌহওঁতেই হোজাই আৰক্ষীয়ে দাখিল কৰিবলগীয়া চার্জশ্বীটৰ সবিশেষ জানিবলৈ আজি হোজাই শংকৰদেৱ নগৰস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় ADGP জি পি সি।
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষী অধীক্ষক, অধিবক্তা আৰু তদন্তকাৰী বিষয়াৰ লগত পৰ্যালোচনা কৰাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি ADGP জি পি সিঙে উদালি কাণ্ডৰ অভিযোগনামা কাইলৈ অৰ্থাৎ মঙলবাৰে হোজাইৰ শংকৰদেৱ নগৰ ন্যায়িক আদালতত দাখিল কৰা হ’ব বুলি মন্তব্য কৰে।
উক্ত ঘটনাত ধৃত ৩৬জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল হ’ব আৰু অভিযুক্তকেইটাৰ ভিতৰত তিনিটা নাবালক আছে বুলিও মন্তব্য কৰে জি পি সিঙে। আনহাতে, উদালি কাণ্ডৰ আটাইকেইটা অভিযুক্ত গ্ৰেপ্তাৰ হৈছে বুলিও মন্তব্য কৰে জি পি সিঙে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|