• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰথমে বিলাসী গাড়ী ভাড়া, তাৰ পিছত চালকক অপহৰণ কৰি গাড়ী চুৰি, কিন্তু দিন বেয়া আছিল দুই চোৰৰ

প্ৰথমে বিলাসী গাড়ী ভাড়া, তাৰ পিছত চালকক অপহৰণ কৰি গাড়ী চুৰি, কিন্তু দিন বেয়া আছিল দুই চোৰৰ

হোজাই মোৰাঝাৰৰ শিৱপুৰৰ পৰা AS 02 J 4993 নম্বৰৰ আৰ্টিগা গাড়ীখন ডিমাপুৰলৈ ভাড়া কৰি নিছিল প্ৰদীপ দাস আৰু আৰিফ আহমেদ নামৰ লোক দুজনে৷

হোজাই মোৰাঝাৰৰ শিৱপুৰৰ পৰা AS 02 J 4993 নম্বৰৰ আৰ্টিগা গাড়ীখন ডিমাপুৰলৈ ভাড়া কৰি নিছিল প্ৰদীপ দাস আৰু আৰিফ আহমেদ নামৰ লোক দুজনে৷

হোজাই মোৰাঝাৰৰ শিৱপুৰৰ পৰা AS 02 J 4993 নম্বৰৰ আৰ্টিগা গাড়ীখন ডিমাপুৰলৈ ভাড়া কৰি নিছিল প্ৰদীপ দাস আৰু আৰিফ আহমেদ নামৰ লোক দুজনে৷

  • Share this:
অসম আৰক্ষীয়ে বহিঃৰাজ্য ডিমাপুৰত অভিযান চলাই হোজাইৰ পৰা অপহৰণ হোৱা হোজাই এজন চালকক উদ্ধাৰ কৰাৰ লগতে দুই অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হৈছে৷ লগতে চুৰি কৰি নিয়া এখন আৰ্টিগা গাড়ীও উদ্ধাৰ কৰিছে অসম আৰক্ষীয়ে৷ যোৱা মঙলবাৰে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো৷

হোজাই মোৰাঝাৰৰ শিৱপুৰৰ পৰা AS 02 J 4993 নম্বৰৰ আৰ্টিগা গাড়ীখন ডিমাপুৰলৈ ভাড়া কৰি নিছিল প্ৰদীপ দাস আৰু আৰিফ আহমেদ নামৰ লোক দুজনে৷ ডিমাপুৰ যোৱাৰ বাটত হাতীবংগ নামৰ ঠাইখনত দুয়োজন লোকে গাড়ীখনৰ চালক শ্বহিদুৰ ৰহমানৰ হাত ভৰি বান্ধি অপহৰণ কৰে আৰু গাড়ীৰ ভিতৰত চালকজনক বান্ধি গাড়ীখন লৈ পলাই যাবলৈ বিচাৰে৷ চালকজনৰ চিঞৰ–বাখৰ শুনি স্থানীয় ৰাইজে অপহৰণকাৰীসকলক আটক কৰাৰ চেষ্টা কৰে৷

ইফালে এই অপহৰণ আৰু গাড়ী চুৰিৰ ঘটনা জানিব পাৰি হোজাই আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ তৎপৰতাত পিছে পিছে মোৰাজাৰ আৰক্ষীৰ এটা দল ৰাওনা হয় ডিমাপুৰলৈ৷ মোৰাঝাৰ আৰক্ষীয়ে ডিমাপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই অপহৃত চালকজনক উদ্ধাৰ কৰাৰ লগতে দুই অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে চুৰি হোৱা গাড়ীখনো উদ্ধাৰ কৰিছে৷

অপহৰণকাৰী প্ৰদীপ দাসৰ ঘৰ কোচবিহাৰ আৰিফ আহমেদৰ ঘৰ হোজাইৰ উত্তৰ ডিমৰুপাৰ বুলি জানিব পৰা গৈছে৷ বৰ্তমান দুয়ো অপহৰণকাৰী তথা গাড়ী চোৰক মোৰাঝাৰ আৰক্ষীয়ে থানাত জেৰা অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি