হোজাই আৰক্ষীৰ সফল অভিযান। অপহৰণকাৰীক বিচাৰি পাঁচদিনে কলকাতাত বাহৰ পাতি লাভ কৰিলে সফলতা। মুৰ্ছিদাবাদ জিলাৰ জানপুৰ গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে এটা অপহৰণকাৰীক। উদ্ধাৰ কৰা হ’ল অপহৃত কিশোৰীক।
ধৃত অপহৰণকাৰীটোৰ নাম ইলিয়াছ শ্বেখ। হোজাইৰ FCI ৰোডত ভাৰতীয়া হিচাপে থাকি ধৃত ইলিয়াছ শ্বেখে হোজাইত কৰিছিল চুলিৰ ব্যৱসায়। ঘৰে ঘৰে গৈ চুলি ক্ৰয় কৰি আনি ইলিয়াছ শ্বেখে চলাই গৈছিল বেহা। ঘৰে ঘৰে গৈ চুলি ক্ৰয় কৰাৰ সুবাদতে চিনাকি হোৱা FCI ৰোডৰ আফিয়া বেগমৰ কন্যাক বিভিন্ন প্ৰলোভনেৰে চলিত বৰ্ষৰ ২৯ এপ্ৰিলত স্কুললৈ যোৱাৰ পথৰ পৰা বিবাহিত ইলিয়াছ শ্বেখে অপহৰণ কৰি লৈ যায় কলকাতালৈ।
ইপিনে কিশোৰীৰ অভিভাৱকে বিচাৰ–খোচাৰ কৰিও কোনো সুফল নোপোৱাত ঘটনা সংক্ৰান্তত কিশোৰীৰ মাতৃয়ে হোজাই থানাত দাখিল কৰিছিল অপহৰণৰ গোচৰ। সেই এজাহাৰৰ ভিত্তিত হোজাই আৰক্ষীয়ে ২৯৩/২১ নম্বৰত এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। তদন্তত কিশোৰীগৰাকীক কলকাতাত ৰখা বুলি জানিব পাৰি হোজাই আৰক্ষীৰ টাউন উপ–পৰিদৰ্শক বদন বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে কলকাতাৰ পৰা অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৃত কিশোৰীগৰাকীক উদ্ধাৰ কৰি আজি হোজাইলৈ লৈ আহে।
ইতিমধ্যে হোজাই আৰক্ষীৰ জিম্মাত থকা ধৃত ইলিয়াছ শ্বেখ ইৰানী গ্রুপৰ এগৰাকী সদস্য বুলি আৰক্ষীয়ে সন্দেহ কৰি অব্যাহত ৰাখিছে জেৰা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|