মুখ্যপৃষ্ঠা »খবৰ »অসম »মিঠাতেল চোৰ ৰাজুৰ বিলৈ! খালে ৰাইজৰ চৰ-ঘোচা, এতিয়া হোজাই আৰক্ষী চকীৰ আলহী

মিঠাতেল চোৰ ৰাজুৰ বিলৈ! খালে ৰাইজৰ চৰ-ঘোচা, এতিয়া হোজাই আৰক্ষী চকীৰ আলহী

দেওবাৰে পুৱা উদয়পুৰ গোচৰা বস্তিত  ৰাইজে আটক কৰে মিঠাতেল চোৰ ৰাজু দাসক। ধৃত চোৰটোৱে বিক্ৰী কৰিবলৈ অনা সাত কাৰ্টুন মিঠাতেল জব্দ কৰিছে ৰাইজে।

  • Share this:
হোজাইত মিঠাতেল চোৰৰ বিলৈ! দোকানাৰ পৰা মিঠাতেল চুৰি কৰি অন্য দোকানত বিক্ৰী কৰাৰ কৌশল। দীৰ্ঘদিনে এই কাৰ্য চলাই ,অহা ৰাজু দাস নামৰ এটা গভাইত চোৰ অৱশেষত আৰক্ষীৰ জালত পৰিল।

দেওবাৰে পুৱা উদয়পুৰ গোচৰা বস্তিত  ৰাইজে আটক কৰে মিঠাতেল চোৰ ৰাজু দাসক। ধৃত চোৰটোৱে বিক্ৰী কৰিবলৈ অনা সাত কাৰ্টুন মিঠাতেল জব্দ কৰিছে ৰাইজে। পুৱাই ৰাজুৱে এখন দোকানত বিক্ৰী কৰিবলৈ আনিছিল  প্ৰায় সাত কাৰ্টুন মিঠাতেল।

ইতিমধ্যে স্থানীয় ৰাইজে চোৰটোক উত্তম মধ্যম সোধাই গতাই দিছে হোজাই আৰক্ষীক।উল্লেখযোগ্য যে, ধৃত মিঠাতেল চোৰটোৱে হোজাইৰ বিভিন্ন স্থানৰ পৰা মিঠাতেল চুৰি কৰি উক্ত গাঁওখনৰ দোকানত বিক্ৰী কৰি আহিছিল। কিন্তু কিছুদিন পূৰ্বে আৰক্ষীয়ে চুৰি মিঠাতেল কিনাৰ অপৰাধত এজন দোকানীক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জে'ললৈ।

ইফালে  ধৃত চোৰটোৱে মিঠাতেলৰ কাৰ্টুন উঠাই  নিয়া এখন অটেও আৰক্ষীয়ে কৰিছে জব্দ।সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা ধৃত চোৰ ৰাজু দাসক আৰক্ষীয়ে সোধা-পোছা কৰি আছে বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি