‘মাদ্ৰাছাত পঢ়া জনিয়াৰ বিধায়কৰ চেহেৰাই মৌলবাদীৰ, মাইণ্ডচেট বাংলাদেশীৰ’

NRC ত ১ কোটি বাংলাদেশীৰ নাম সোমাইছে কাৰণে সাহস বাঢ়িছে ৰফিকুল ইছলামৰ দৰে লোকৰ।জনিয়াৰ নৱ নিযুক্ত বিধায়ক ৰফিকুল ইছলামক বিধায়ক শিলাদিত্যৰ প্ৰত্যক্ষ আক্ৰমণ।

News18-Assam
Updated:October 25, 2019, 5:12 PM IST
‘মাদ্ৰাছাত পঢ়া জনিয়াৰ বিধায়কৰ চেহেৰাই মৌলবাদীৰ, মাইণ্ডচেট বাংলাদেশীৰ’
NRC ত ১ কোটি বাংলাদেশীৰ নাম সোমাইছে কাৰণে সাহস বাঢ়িছে ৰফিকুল ইছলামৰ দৰে লোকৰ।জনিয়াৰ নৱ নিযুক্ত বিধায়ক ৰফিকুল ইছলামক বিধায়ক শিলাদিত্যৰ প্ৰত্যক্ষ আক্ৰমণ।
News18-Assam
Updated: October 25, 2019, 5:12 PM IST
জনিয়াৰ নৱ নিৰ্বাচিত বিধায়ক ৰফিকুল ইছলামৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ। অতি কটূ কথাৰে নৱ নিযুক্তজনক আক্ৰমণৰ লক্ষ্য কৰি লয় শিলাদিত্য দেৱে। বিভিন্ন সময়ত এটা বিশেষ ধৰ্মৰ মানুহক সততে আক্ৰমণ কৰি লোৱা শিলাদিত্যই , জনিয়াৰ বিধায়ক ৰফিকুল ইছলামৰ চেহেৰা মৌলবাদী বুলি কোৱাৰ লগতে তেওঁৰ মাইণ্ডচেট বাংলাদেশী বুলি তীৰ্যক মন্তব্য কৰিছে।

শিলাদিত্য দেৱে কয় যে, ‘ৰফিকুল ইছলামে নাজানে ভাৰতৰ সংস্কৃতি। কাৰণ তেওঁলোকৰ মাইণ্ডচেট বাংলাদেশী। মৌলবাদী চিন্তাধাৰাৰে কথা কয় ৰফিকুল ইছলামে। মাদ্ৰাছাত পঢ়াৰ বাবেই ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু ঐতিহ্য নাজানে এইসকল লোকে। ১৯৪৭ চনৰ পিছত ৰফিকুল ইছলামৰ দৰে মানুহ পলাই গৈ পূৱ পাকিস্তানত আছিল। পিছত পাকিস্তানীৰ পিটন খাই আকৌ অসমলৈ আহি মাটি দখল কৰিলে ৰফিকুল ইছলামৰ দৰে লোকসকলে।’

শিলাদিত্য দেৱে লগতে কয় যে,‘ অসম, অসমীয়াৰ কাৰণে কি কৰিছে ৰফিকুল ইছলামে।নিজৰ সমষ্টিত কেইটা নামঘৰ নিৰ্মাণ কৰিছে জনিয়াৰ নতুন বিধায়কে। কিন্তু হাজাৰ হাজাৰ বিঘা সত্ৰৰ মাটি বেদখল কৰিছে এইসকল লোকে। সত্ৰৰ মাটি বেদখল মুক্ত কৰি অসমীয়াৰ পৰিচয় দিয়ক ৰফিকুল ইছলামৰ দৰে লোকসকলে।’

ভাষা ক’লেই অসমীয়া নহয়, কাৰণ  ৰফিকুল ইছলামৰ দৰে লোকসকলে ভাৰতবৰ্ষৰ ফালে চোৱাৰ পৰিৱৰ্তে আৰৱৰ ফালে চাই। গতিকে ৰফিকুল ইছলামে নিজক  ভাৰতীয়, অসমীয়া বুলি ক’লে শোভা নাপায়। এনেদৰে বিজেপি বিধায়ক শিলাদিত্য দেৱে আক্ৰণণৰ লক্ষ্য কৰি লয় জনিয়াৰ নৱ নিযুক্ত বিধায়ক ৰফিকুল ইছলামক।
আৰু চাওক পৰৱৰ্তী বাতৰি