ৰাজ্যত পুনৰ সংঘটিত হ'ল শিশু ধৰ্ষণ কাণ্ড। হোজাই জিলাৰ উদালিত মছজিদৰ ইমামৰ কামনাৰ বলি হ'ল এগৰাকী ৬ বছৰীয়া কণমানি । পূব উদালিস্থিত মছজিদৰ ইমাম আব্দুল ছামাদে কণমানিজনীক মছজিদ পৰিষ্কাৰ কৰিবলৈ মাতি আনে আৰু কোনো নথকাৰ সুযোগ লৈ বলৎকাৰ কৰে। পিছত দুৰ্ভগীয়া শিশুটিয়ে পিতৃ-মাতৃৰ আগত লম্পট ইমামৰ দুষ্কাৰ্যৰ কথা বৰ্ণনা কৰে।
পিছত ৬ বছৰীয়া নাবালিকাৰ অভিভাৱকে লম্পট ইমাম আব্দুল ছামাদৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ইমামক গ্ৰেপ্তাৰ কৰি তদন্ত চলোৱাৰ লগতে শিশুটিক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
ইপিনে ইমামৰ দ্বাৰা এগৰাকী কণমাণি ধৰ্ষিতা হোৱাৰ ঘটনাক লৈ ইতিমধ্যে হোজাই জিলাত সৃষ্টি হৈছে চাঞ্চল্যৰ। উল্লেখ্য যে, কিছুদিন ধৰি স্থানীয় একাংশ ছাত্ৰ-ছাত্ৰীক মছজিদৰ ভিতৰত পঢ়ুৱাই আহিছিল ইমামজনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|